1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 7:34 pm

নিদাৰুণ সময়! মহানগৰীৰ ফুটপাথত বহিয়েই দীপাংকৰে ল’লে শেষ বিদায়…

  • Update Time : Wednesday, May 4, 2022

ডিজিটেল ডেস্কঃ মৃত্যু কেনি আহে কোনেও নাজানে। মৃত্যু সত্য, এই কথা মানিও মানিবলৈ হয়তো মন নাযায় বহুসময়ত। কোনেনো জানিছিল নিশালৈকে ঘৰে ঘৰে খাদ্যৰ টোপোলা লৈ ঘূৰি পৰা দীপাংকৰে এনেকৈ ফুটপাথতেই শুই পৰিব মৃত্যুৰ শেতেলীত৷ চিনাকী-অচিনাকী সকলোৱেই মাথোঁ সেমেকা দুচকুৰে কৈছে, বিদায় দীপাংকৰ৷

মহানগৰীৰ গণেশগুৰিত এই হৃদয়বিদাৰক ঘটনা। যি দৃশ্য দেখিলে কান্দি উঠিব প্ৰত্যেকগৰাকী লোকৰেই অন্তৰাত্মা। হয়তো আপুনিও ভাৱিছে, সঁচাই মৃত্যু কেতিয়া, কাৰ বাবে, ক’ত ৰৈ থাকে কোনেও নাজানে। নিষ্ঠুৰ নিয়তিৰ পৰিহাসত কোনে কেতিয়া বিদায় দিব এই পথিৱী কোনেও নাজানে৷ নিশা সেয়াই ঘটিল দীপাংকৰ বৰা নামৰ যুৱকজনৰ সৈতে।

মঙলবাৰে সন্ধিয়া গণেশগুৰি–হেঙেৰাবাৰী পথৰ দাঁতিত উদ্ধাৰ হৈছে দীপাংকৰ বৰা নামৰ যুৱকজনৰ নিথৰ দেহ। পিঠিত ওলমি আছিল Swiggy লিখা থকা এটা বেগ। পিন্ধনতো Swiggy-লিখা টি চাৰ্ট৷ সম্ভৱত দিনটো ঘৰে ঘৰে খাদ্য যোগান ধৰি ভাগৰি পৰিছিল দীপাংকৰ। হয়তো ক্ষন্তেক জিৰণী লোৱাৰ মানসেৰে উক্ত স্থানত বহি পৰিছিল যুৱকজন। তাৰ পিছতেই সকলো শেষ হৈ গৈছিল। নিথৰ হৈ পৰি থকা দেহটো চুবুৰীয়াই প্ৰত্যক্ষ কৰিছিল৷ কেনেকৈ কি হৈছিল দীপাংকৰৰ কোনোৱেই নাজানিলে৷

এখন দোকানৰ ছাটাৰত আউজি বহি থকাৰ দৰেই আছিল দীপাংকৰৰ নিথৰ দেহ। কি কাৰণত দীপাংকৰৰ মৃত্যু হ’ল সেয়া বৰ্তমানলৈ জানিব পৰা হোৱা নাই। মৃত দীপাংক বৰাৰ ঘৰ মাণিকনগৰত বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে দীপাংকৰৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব প্ৰকৃত তথ্য৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme