ডিজিটেল ডেস্কঃ বড়ো সাহিত্য সভা৷ উদুলি-মুদুলি পৰিবেশ বিটিআৰৰ তামুলপুৰত। তামুলপুৰৰ গৌজল পথাৰত উচাহৰ ঢল। বুধবাৰে ৬১ সংখ্যক বড়ো সাহিত্য সভাৰ মুকলি সভাত উপস্থিত থাকে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, পত্নী ছবিতা কোবিন্দ, ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাসহ উত্তৰ-পূৱৰ তিনিগৰাকীকৈ মুখ্যমন্ত্ৰী। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড ছাংমা, চিকিমৰ মুখ্যমন্ত্ৰী প্ৰেমছিং তামাঙো অনুষ্ঠানটোত উপস্থিত থাকে৷
সভাত ভাষণ প্ৰসংগত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কয়, ‘আয়োজকলৈ ধন্যবাদ জনাইছো। বড়ো সাহিত্য সভাৰ প্ৰতি ৰাইজৰ যথেষ্ট আদৰ আছে। বড়ো সাহিত্য সভালৈ বিদেশী ৰাষ্ট্ৰ বাংলাদেশ, ভূটান, নেপাল আৰু অন্য ৰাজ্যৰ অতিথি অহাটো অতিকৈ শলাগীবলগীয়া বিষয়৷ বড়ো সমাজৰ লগত মোৰ পুৰণি সম্পৰ্ক আছে। ৰাজ্যসভাৰ সাংসদ থাকোতে ইউজি ব্ৰহ্ম আৰু প্ৰাক্তন লোকসভা সাংসদ ছানচুমা খুংগুৰ বসুমতাৰীক লগ পাইছিলো। বড়োফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ অৱদানক আমি পাহৰিব নালাগে৷ বড়ো সাহিত্য সভাৰ প্ৰতিস্থাপক সভাপতি জয়ভদ্ৰ হাগজেৰ, সম্পাদক সোনাৰাম থাউছেনকো এই সময়ত মই স্মৰণ কৰিছো’ বুলি ভাষণত প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতিগৰাকীয়ে৷