1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 5:34 am

ইছলামধৰ্মী লোকলৈ ঈদৰ শুভেচ্ছা জনাই পথ-সুৰক্ষা মানি চলাৰ আহ্বান পৰিবহণ বিভাগৰ

  • Update Time : Monday, May 2, 2022

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ পৰিবহণ বিভাগৰ লগত জড়িত বিভিন্ন ক্ষেত্ৰৰ শ্ৰমিক, চালক, মালিককে ধৰি বিভিন্ন সন্থা, এজেঞ্চিৰ জড়িয়তে সেৱা আগবঢ়াই থকা সকলোলৈকে আগন্তুক ঈদ-উল-ফিটৰৰ শুভেচ্ছা জনাইছে ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাস, পৰিবহণ বিষয়াদ্বয় ৰফিকুল ইছলাম আৰু হিমাংশু কুমাৰ দাসে৷

ঈদৰ সময়ত সকলোৰে সুস্বাস্থ্য আৰু সুখ-শান্তি কামনা কৰাৰ লগতে ঈদৰ আনন্দ উপভোগৰ নামত কোনোৱে যাতে দুৰ্ঘটনা সংঘটিত কৰি নিজৰ লগতে আনকো বিপদত নেপেলাই তাৰ বাবে সকলোলৈকে আহ্বান জনাইছে সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে৷ ইয়াৰ বাবে ৰাজপথত সকলো সময়তে পথসুৰক্ষা তথা সুৰক্ষিত যাতায়ত ব্যৱস্থা বাহাল ৰাখিবলৈ গাড়ী চালনাৰ সময়ত মানি চলিবলগীয়া নীতিনিয়ম সমূহৰ প্ৰতি সাৱধানতা অৱলম্বনৰ বাবে তেওঁ আহ্বান জনাইছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme