1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2024, 6:08 pm
Trending:
ৰাজ্যসভাত প্ৰথমটো ভাষণতেই দেশবাসীৰ অন্তৰ জিনিলে সাংসদ সুধা মূৰ্তিয়ে আপোনাৰ চকুৰ বিষ বা জ্বলা-পোৰা সমস্যা হৈছে নেকি? আমলখি ব্যৱহাৰ কৰি লাভ কৰক সুফল! উক্ত তাৰিখটোৰ পৰা কেতুৱে ভাগ্য উদয় কৰিব এই তিনি ৰাশিৰ জাতক-জাতিকাক পদিনা খাইনে আপুনি? পদিনাই নাইকিয়া কৰিব আপোনাৰ শৰীৰৰ ভিন্ন সমস্যা! ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে?

মুম্বাইত বিধায়কৰ প্ৰশিক্ষণ, ৰাজ্যত এইবাৰ পূৰ্ণগতিত হ’ব উন্নয়ন

  • Update Time : Thursday, November 11, 2021

ডিজিটেল ডেস্কঃ ৰাজ্যত নাই বিজেপি দলৰ বিধায়ক! কলৈ গৈছে শাসিত দলৰ বিধায়কসকল? অসম এৰি ৰাওনা হৈছে ইজনৰ পিছত সিজন বিধায়ক৷ বৃহস্পতিবাৰে ৰাজ্যত নাই সৰহসংখ্যক বিধায়কে৷ সমষ্টিৰ বুজ লবলৈ ১৪ তাৰিখলৈ অসমত নাথাকে বিজেপিৰ বিধায়কে৷

১২, ১৩ আৰু ১৪ নৱেম্বৰত সমগ্ৰ দেশৰ বিজেপি বিধায়কসকলে অংশগ্ৰহণ কৰিব তিনিদিনীয়া বিশেষ প্ৰশিক্ষণ শিবিৰত৷ দলৰ বিচাৰ ধাৰা, দলৰ আদৰ্শৰ লগতে বিধায়ক পুঁজিৰ ব্যৱহাৰ, আঁচনি ৰূপায়ণ, অন্তোদ্যয়ৰ দ্বাৰা সমাজৰ হিতৰ বাবে কাম কেনেদৰে কৰিব এই বিষয়সমূহক সাঙুৰি অনুষ্টিত কৰা প্ৰশি৭ন শিবিৰত ভাগ লবলৈ ৰাওনা হৈছে অসমৰো বিধায়কসকল৷ বিজেপি শাসিত ৰাজ্যসমূহৰ লগতে বিজেপিয়ে শাসন নকৰা ৰাজ্যসমূহৰ বিজেপি বিধায়কসকলো উপস্থিত থাকিব প্ৰশিক্ষণত৷ মুম্বাইৰ ৰামভাও মহাল্গী প্ৰবোধিনীত হ’বলগীয়া প্ৰশিক্ষণ শিবিৰৰ বাবে ৯ নৱেম্বৰৰ পৰাই মুম্বাইলৈ ৰাওনা হৈছে দেশৰ বিজেপি বিধায়কসকল৷ অসমৰো বিজেপিৰ ৬২ গৰাকী বিধায়কৰ সৰহসংখ্যকেই বৃহস্পতিবাৰে ৰাওনা হৈছে মুম্বাই অভিমুখে৷

১২, ১৩ আৰু ১৪ নৱেম্বৰত মুম্বাইৰ ৰামভাও মাল্গী প্ৰবোধিনীত অনুষ্ঠিত হ’ব দেশৰ সকলো বিজেপি বিধায়কৰ প্ৰশিক্ষণ৷ তিনিদিনীয়া প্ৰশিক্ষণ শিৱিৰত মাৰ্গদৰ্শনৰ বাবে সমল ব্যক্তি হিচাপে উপস্থিত থাকিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকে ধৰি শীৰ্ষ নেতৃবৃন্দ৷ উন্নয়নমূলক কাম-কাজ, দলৰ বিচাৰ ধাৰা,পুঁজিৰ ব্যৱহাৰকে ধৰি আন বহু বিষয়ত বিতংকৈ প্ৰশিক্ষণ দিব সমল ব্যক্তিসকলে৷ উল্লেখ্য যে ৯ নবেম্বৰৰ পৰাই মুম্বাইলৈ বুলি ৰাওনা হৈছে অসমৰো একাংশ বিধায়ক৷ বৃহস্পতিবাৰে বাকী থকা বিধায়ককেইজনো মুম্বাই অভিমুখে ৰাওনা হোৱা বুলি জানিব পৰা গৈছে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme