1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 12:29 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

প্ৰিয়ংকা ভৰালীৰ ইমান কাষলৈ কিয় গৈছিল মৃণাল! মুকলিকৈ লিখিলে ফেচবুকত…

  • Update Time : Monday, April 18, 2022

ডিজিটেল ডেস্কঃ প্ৰিয়ংকা ভৰালীক লৈ এতিয়া গৰম গোৱালপাৰা। নিউ গোৱালপাৰা বিহু সন্মিলনীত অনুষ্ঠান পৰিৱেশন কৰাৰ পাছতে এতিয়া দুই পক্ষৰ মাজত কথাৰ কটা-কটি। কথা গৈ এই পৰ্যায় পালেগৈ যে, ফেচবুকত মুকলিকৈ এটা পক্ষই অভিযুক্ত কৰিলে আনটো পক্ষক।

দেওবাৰৰ নিশা নিউ গোৱালপাৰা বিহু সন্মিলনীত অনুষ্ঠান পৰিৱেশন কৰিছিল জনপ্ৰিয় কন্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে। অনুষ্ঠান চলি থকাৰ মাজতে মৃণাল নাথ নামৰ এগৰাকী লোকৰ আচৰণত বিহু কমিটি হৈ পৰিছিল অসন্তুষ্ট। অনুষ্ঠান পৰিৱেশন কৰাৰ সময়ত শিল্পী ভৰালীৰ কাষলৈ কোনো লোকক যাবলৈ দিয়া নাছিল কমিটিয়ে। কিন্তু এনে সময়তে মৃণাল নাথ নামৰ এগৰাকী লোক মঞ্চৰ অতি কাষলৈ যোৱাত কমিটিয়ে বাধা প্ৰদান কৰি তাৰ পৰা আতৰাই পঠায়।

এই কাৰ্যৰ পাছতে মৃণাল নাথ নামৰ লোকগৰাকীয়ে কমিটিৰ বিৰুদ্ধে মুকলিকৈ ক্ষোক্ষ ব্যক্ত কৰিলে ফেচবুকত। তেওঁ লিখিলে যে, মই এখন গামোচা পিন্ধাবৰ বাবেহে গৈছিলো তেওঁৰ কাষলৈ। কিন্তু কমিটিয়ে সেই গামোছাৰ গৰিমা বুজি নাপালে। মৃণাল নাথে কি লিখিছিল পঢ়ক এই পোষ্টটোত-

মৃণাল নাথৰ এই পোষ্টৰ পাছতে নিউ গুৱাহাটী বিহু কমিটিয়ে ফেচবুকত প্ৰত্যাহ্বান জনাই লিখিলে এনেদৰে- যোৱানিশা আমাৰ বিহুতলীৰ সাংস্কৃতিক সন্ধিয়াত সংঘটিত হোৱা এটা অবাঞ্চিত ঘটনাক কেন্দ্ৰ কৰি জনৈক মৃনাল নাথ নামৰ এগৰাকী ব্যক্তিয়ে কিছু আপত্তিজনক মন্তব্য Facebook ৰ যোগেদি প্ৰকাশ কৰিছে। তেওঁ নিজে কৰা এটা ভুল নাইবা অস্বাভাৱিক আচৰণ ঢাকি ৰাখিবলৈ সন্মীলনীৰ ওপৰত অসত্য তথা অপবাদ দিবলৈ চেষ্টা কৰা যেন লাগিল…কিন্তু প্ৰকৃত কথাটো তেওঁ কোৱা ধৰণৰ নহয়। আমাৰ বিহুতলীৰ এটা শুভ পৰম্পৰা আছে যে সন্মীলনীৰ অনুমতি নোলোৱাকৈ কোনো ব্যক্তি মঞ্চত কোনো কাৰণতে উঠিব নোৱাৰিব… কাৰণ আগৰ বহু উদাহৰণ আছে যে, কিছু ব্যক্তিয়ে সুৰামত্ত অৱস্থাত মঞ্চত প্ৰৱেশ কৰি শিল্পীক বহুবাৰ অস্বস্তিত পেলাইছে…

যোৱাকালি উক্ত ব্যক্তি গৰাকী কিছু অস্বাভাৱিক অৱস্থাত, আমাৰ অনুৰোধক উপেক্ষা কৰি sound ৰ barricade পাৰ হৈ বলপূৰ্বকভাৱে মঞ্চত উঠিবলৈ চেষ্টা কৰে যাৰ কাৰণে আমাৰ কৰ্মকৰ্তাই তেখেতক বাধা আৰোপ কৰে। তেখেতৰ এই বলপূৰ্বক কাৰ্যৰ কাৰণে sound ৰ কিছু ক্ষতিসাধনো হয়। তেখেতে আমাৰ কাৰ্যালয়ত, ঘটনাটোৰ মাত্ৰ কিছু সময় আগত আহি আমাৰ শিল্পী গৰাকীৰ লগত ফটোও উঠে…গতিকে ইচ্ছা কৰা হলে তেতিয়াই গামোছাৰে শিল্পীগৰাকীক বিহুৰ সম্ভাষণ জনাব পাৰিলেহেঁতেন আৰু যদি বাধা দিয়াৰ ইচ্ছা আছিল তেতিয়াই তেওঁক বাধা দিব পাৰিলোহেঁতেন…কিন্তু হয়তো জনসাধাৰণৰ আগত নিজকে নায়ক সজাবলৈ মনত থকা ইচ্ছাৰ বাবেই অস্বাভাৱিক অৱস্থাত থকা ব্যক্তি গৰাকীয়ে কোনো ধৰণৰ প্ৰৱেশ পথ নথকা ফালেৰে জোৰজুলুমকৈ মঞ্চত উঠিবলৈ যত্ন কৰিছিল…অথচ তাৰ বহু আগতেই ঘোষকে কোনো ব্যক্তিকে মঞ্চত প্ৰৱেশ নকৰিবলৈ বাৰে বাৰে অনুৰোধ জনাই আহিছিল। কাৰণ এনেকুৱা অনুৰোধ বহু-বহু লোকৰ পৰাই আহি আছিল… তেনেস্থলত শিল্পীগৰাকীয়ে গীত পৰিৱেশন কৰিব নে সম্ভাষণ গ্ৰহণ কৰি তেওঁৰ মনোযোগ নষ্ট কৰিব?

গতিকে ভাৱো তেখেতে আমাৰ সন্মীলনীয়ে গঠনমূলক আৰু শৃংখলৰূপত কৰি থকা কাম-কাজৰ প্ৰতি ঈৰ্ষান্বিত হৈ নেতিবাচক চৰিত্ৰটোৰ বাবেই যোৱাকালিৰ এই কামটো ইচ্ছাকৃতভাৱে কৰিছে। শেষত,আমি নিউ গোৱালপাৰা ৰঙালী বিহু সন্মিলনী বিহুফিল্ড সমিতিয়ে তেখেতক প্ৰত্যাহ্বান জনাইছোঁ যদি তেওঁৰ সৎসাহস আছে তেন্তে তেওঁ অহাকালি বিয়লি 6.00 বজাত আমাৰ বিহু কাৰ্যালয়ত আহক আৰু এইসম্পৰ্কত এক মুকলি বিতৰ্কত অৱতীৰ্ণ হওক, যিটো facebook live কৰা হব। ইয়াৰ যোগেদি তেখেতক প্ৰতিশ্ৰুতি দিলোঁ আমাৰ সন্মীলনীৰ কোনো ব্যক্তিয়ে তেখেতক বেয়া ব্যৱহাৰ নকৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme