ডিজিটেল ডেস্কঃ কৰিমগঞ্জৰ বৈঠাখালত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে৷ এখন অটোৰিক্সা আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত ১০ জন লোক নিহত হোৱাৰ লগতে এজন লোক আহত হোৱা বুলি জানিব পৰা গৈছে৷ ষট পূজাৰ পৰা উভতি অহাৰ সময়তে অসম-ত্ৰিপুৰা ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়াৱহ দুৰ্ঘটনাটো।
এ এছ-১০ এ চি ৫৭৮২ নম্বৰৰ অটোৰিক্সাখনৰ এনএল ০১ কিউ ০০৮৮ নম্বৰৰ ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। পুৱা ষট পূজাৰ পৰা উভতি অহাৰ সময়তে ভয়াৱহ দুৰ্ঘটনাটো সংঘটিত হৈছে। ঘটনাটোত প্ৰাণ হেৰুৱাইছে ১০ গৰাকীকৈ লোকে। প্ৰাণ হেৰুওৱা ১০ গৰাকী লোক ক্ৰমে দুজা বাই পানীকা, চালু বাই পানীকা, গৰুৱ দাস পানীকা, শম্ভু দাস পানীকা, লালন গুস্বামী, পূজা গোৰ্হ, দেৱ গোৰ, চানু ৰী, মংলাই কৰ্মকাৰ আৰু টুপু কৰ্মকাৰ বুলি চিনাক্ত কৰা হৈছে। উক্ত ঘটনাস্থলীত লগে লগে কৰিমগঞ্জৰ এছ পি পদ্মনাভ বৰুৱা উপস্থিত হৈ মৃত কেইজনক চিনাক্ত কৰাৰ লগতে আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। প্ৰশাসনে জনোৱা অনুসৰি ঘটনাটো বৃহস্পতিবাৰে পুৱা প্ৰায় ৭:৩০ বজাত সংঘটিত হৈছে। উল্লেখ্য যে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো টুইটযোগে নিহতৰ পৰিয়াললৈ সমবেদনা জনাইছে।