ডিজিটেল ডেস্কঃ কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ। বৃদ্ধি হব পাৰে দৰমহা। দৰমহা বৃদ্ধি সন্দৰ্ভত কৰ্মচাৰী ভৱিষ্যত নিধি সংগঠনে কেন্দ্ৰলৈ এক প্ৰস্তাৱ প্ৰেৰণ কৰিছে। এই প্ৰস্তাৱত উল্লেখ আছে যে, কৰ্মচাৰীসকলৰ নূন্যতম দৰমহাৰ সীমা ১৫হাজাৰৰ পৰা কৰিব লাগে ২১হাজাৰ টকা। চৰকাৰে এই প্ৰস্তাৱক গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনাইছে কৰ্মচাৰী ভৱিষ্যত নিধি সংগঠনে।
সংগঠনটোৱে লগতে দাবী কৰিছে যে, এই প্ৰস্তাৱত সহাৰি জনালে দেশৰ ৭.৫লাখ কৰ্মচাৰী লাভৱান হব। যদিহে এই প্ৰস্তাৱ গ্ৰহণ কৰে তেন্তে কৰ্মচাৰীসকলৰ বেংকৰ বহু কামৰ বাবে সহায় হব বুলিও উল্লেখ কৰিছে প্ৰস্তাৱটোত। এক উচ্চস্তৰীয় সমিতিৰ দ্বাৰা এই প্ৰস্তাৱক লৈ পৰ্যবেক্ষণ কৰাৰ যোজা ইতিমধ্যেই চলিছে।