1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 8:40 pm
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

ৰাজনীতিত নজমিল! টেলিভিছনৰ পৰ্দাত আকৌ আহি আছে সিদ্ধু…

  • Update Time : Friday, April 8, 2022

ডিজিটেল ডেস্কঃ দেশত কংগ্ৰেছৰ বিপৰ্যয়। এখনৰ পিছত আনখন ৰাজ্যত দলটোৱে হেৰুৱাইছে জনপ্ৰিয়তা। শেহতীয়াকৈ অনুষ্ঠিত ৫ ৰাজ্যৰ নিৰ্বাচনতো মুখথেকেচা খালে দলটোৱে। পঞ্জাৱতো কংগ্ৰেছৰ দলটোৰ শোচনীয় পৰাজয়। পঞ্জাৱতো আপৰ হাতত ধাৰাসায়ী হ’ল দলটো। কংগ্ৰেছৰ এগৰাকী প্ৰভাৱশালী নেতা নৱজ্যোৎ সিং সিদ্ধুও পঞ্জাৱত আপৰ হাতত পৰাজিত হ’ল। নিৰ্বাচনত সিদ্ধুৰ শোচনীয় পৰাজয়ৰ পিছতেই বহুতেই চৰ্চা চলাইছিল সিদ্ধুৱে ৰাজনীতিৰ পৰা বিদায় ল’ব।

নেটিজেনৰ চৰ্চাৰ মাজতেই শেহতীয়াকৈ আহিল বিশেষ খবৰটো। সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণৰ পূৰ্বে সিদ্ধুৱে টেলিভিচনৰ পৰ্দাৰ এক জনপ্ৰিয় মুখ আছিল। ‘দ্য কপিল শৰ্মা শ্ব’-ৰ জৰিয়তে সকলোৰে চিনাকী হৈ পৰা সিদ্ধুৱে ২০১৯ চনত ল’লে অন্য সিদ্ধান্ত। ৰাজনীতিলৈ ঢাপলি মেলিলে সিদ্ধুৱে। কিন্তু ৰাজনীতিত সিদ্ধুৱে নাপালে সেই জনপ্ৰিয়তা। সেয়ে পুনৰবাৰ টেলিভিছনৰ জগতলৈকে উভতি অহাৰ সিদ্ধান্ত লৈছে সিদ্ধুৱে।

উল্লেখ্য যে, India’s Laughter Challenge-শ্ব’টোৰে টেলিভিছনৰ পৃথিৱীলৈ পুনৰ ঘূৰি আহিব সিদ্ধু। চনী টিভিত নতুনকৈ আত্মপ্ৰকাশ কৰিব এই বিশেষ শ্ব’টোৱে। ইপিনে ‘দ্য কপিল শৰ্মাৰ শ্ব’ বন্ধ হোৱাৰ খবৰক লৈ চিন্তিত হৈ আছে কপিল অনুৰাগীসকল। কিছু দিনৰ বাবে কপিল শৰ্মাৰ শ্ব’ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে চনী টিভিয়ে। চনী টিভিত কপিলৰ শ্ব’ৰ ঠাইত এই নতুন শ্ব’ সম্প্ৰচাৰিত হ’ব বুলি প্ৰকাশ কৰিছে চনী টিভিৰ বিষয়ববীয়াই। ইতিমধ্যে নতুন শ্ব’ৰ ট্ৰেইলাৰো মুকলি কৰিছে চনী টিভিয়ে।

কপিলৰ শ্ব’ৰ পৰিবৰ্তে আহিব India’s Laughter Challenge, ২০১৯ চনত পুলৱামা আক্ৰমণকলৈ সিদ্ধুৱে কৰা মন্তব্যৰ পিছতেই কমিছিল সিদ্ধুৰ জনপ্ৰিয়তা। তাৰপিছতেই টেলিভিছনৰ পৃথিৱীৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত। কিন্তু পুনৰবাৰ টেলিবিছনৰ জগতলৈ ঘূৰি অহা সিদ্ধুৰ আছেনে পূৰ্বৰ জনপ্ৰিয়তা! সেয়াহে এতিয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ পৰিছে বহুতৰে বাবে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme