1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 5:14 pm
Trending:
চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting

RTI-কৰাত আহিল উত্তৰ, ‘দ্য কাশ্মীৰ ফাইলছ’ ডকুমেণ্টৰী নহয় ড্ৰামা ফিল্মহে…

  • Update Time : Wednesday, April 6, 2022

ডিজিটেল ডেস্কঃ ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখন নোচোৱা বা এই বিষয়টোৰ বিষয়ে জানিবলৈ আগ্ৰহ প্ৰকাশ নকৰা মানুহ হয়তো দেশত খুব কমেই ওলাব। প্ৰায় এমাহ ধৰি দেশত কাশ্মীৰ ফাইলছৰ চৰ্চা। বহুকেইখন ৰাজ্যত চিনেমাখনক টেক্স ফ্ৰীও কৰ হৈছে। অসমতো হিমন্ত বিশ্ব নেতৃত্বাধীন চৰকাৰখনে চৰকাৰী চাকৰীয়ালসকলক চিনেমাখন চাবৰ বাবেই অৰ্ধছুটীও প্ৰদান কৰিছিল। চিনেমাখনৰ যোগাত্মক চৰ্চাৰ মাজতে একাংশই বিৰোধীতাও প্ৰদৰ্শন কৰিছে। কিছু সংখ্যকৰ মতে চিনেমাখনে হেৰাই যোৱা এক কলংকিত অতীতক পুনৰ জীয়াই তুলি সাম্প্ৰদায়িক বিষবাস্পহে বিয়পাইছে।

ছবিখনক লৈ চলা আলোচনা-সমালোচনাৰ মাজতেই হাৰিয়ানাৰ পানীপথ জিলাৰ পিপি কাপুৰ নামৰ এজন লোকে ‘দ্য কাশ্মীৰ ফাইলছ’ চিনেমাখনক লৈ RTI-কৰে। আৰটিআই কৰাত শেহতীয়াকৈ তেওঁলৈ অহা উত্তৰটো ইতিমধ্যে ভাইৰেল হৈ পৰিছে। মুম্বাইৰ কেন্দ্ৰীয় চলচ্চিত্ৰ চেঞ্চৰ পৰিষদৰ জ্যেষ্ঠ আঞ্চলিক বিষয়া আৰু কেন্দ্ৰীয় জন তথ্য বিষয়া নাগৰাজ কুলকাৰ্ণীয়ে পিপি কাপুৰৰ আৰটিআইৰ উত্তৰ প্ৰেৰণ কৰিছে। ২১ মাৰ্চত কৰা এই আইটিআইৰ তথ্য ১ এপ্ৰিলত পিপি কাপুৰে লাভ কৰিলে। আৰটিআইৰ তথ্যত প্ৰকাশ কৰা অনুসৰি ‘দ্য কাশ্মীৰ ফাইলছ’ তথ্যচিত্ৰ নহয়, এই এক ফিচাৰ ফিল্মহে। কাহিনী আকাৰে সমগ্ৰ চিনেমাখন আগবঢ়াই নিয়া হৈছে। কাহিনীত কিছু সত্যতা নথকাও নহয়।

পিপি কাপুৰে আৰটিআই কৰোতে চলচ্চিত্ৰ চেঞ্চৰ বোৰ্ডৰ দ্বাৰা অনুজ্ঞাপ্ৰাপ্ত ছবিখনৰ সকলো ৰেকৰ্ডৰ প্ৰতিলিপিও বিচাৰিছিল। কিন্তু ইয়াৰ উত্তৰত চেঞ্চৰ পৰিষদৰ বিষয়া কুলকাৰ্ণীয়ে কয় যে চিনেমাটোগ্ৰাফীৰ নিয়ম অনুসৰি এই তথ্য প্ৰদান কৰাৰ অনুমতি নাই। চলচ্চিত্ৰখনৰ প্ৰমাণপত্ৰৰ বিৱৰণ দি চলচ্চিত্ৰ চেঞ্চৰ বোৰ্ডে কয় যে আবেদনকাৰী বিবেক ৰঞ্জন অগ্নিহোত্ৰীৰ ছবিখন কেন্দ্ৰীয় চলচ্চিত্ৰ চেঞ্চৰ পৰিষদে ২০২২ চনৰ ৩ নৱেম্বৰত বিশেষভাৱে প্ৰাপ্তবয়স্কসকলক দেখুৱাবলৈ মুকলি কৰাৰ অনুমতি দিছিল।

উল্লেখ্য যে বিবেক অগ্নিহোত্ৰীৰ এই ছবিখন ১১ মাৰ্চত মুক্তি দিয়া হৈছিল। মুক্তিৰ লগে লগে ছবিখন ব্লকবাষ্টাৰ ছবি হিচাপে প্ৰমাণিত হৈছে। মাত্ৰ ২৫ কোটি টকাৰ বাজেটত নিৰ্মিত এই ছবিখনে মুক্তিৰ ২১ দিনৰ ভিতৰত বক্স অফিচত ২৩৫.৮৫ কোটি টকা উপাৰ্জন কৰিছে। ছবিখনে বৰ্তমানলৈকে মুক্তিৰ ২৫ দিনত প্ৰায় ২৪৩.৬ কোটি উপাৰ্জন কৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme