1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 10:56 pm
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

অপৰাধীক ফাঁচীকাঠত উঠাওতে জল্লাদে কাণে কাণে কি কয় জানেনে? দেশত প্ৰথমবাৰলৈ এগৰাকী মহিলাক মৃত্যুদণ্ড…

  • Update Time : Sunday, April 3, 2022

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতে শৱনম গোচৰক লৈ চলিছে চৰ্চা। স্বাধীন ভাৰতত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলাক মৃত্যুদণ্ড বিহা হৈছে। শবনম নামৰ এগৰাকী মহিলাক উত্তৰ প্ৰদেশৰ মথুৰা কাৰাগাৰত ফাঁচী দিয়া হ’ব। কেৱল মৃত্যুদণ্ডৰ তাৰিখহে নিৰ্ধাৰণ কৰিবলৈ বাকী আছে বুলি জনাইছে কাৰাগাৰ কৰ্তৃপক্ষইয়ো। শবনমৰ অপৰাধ এয়ে যে তেওঁ নিজৰ প্ৰেমিককে হত্যা কৰিছিল। অবৰ্ণনীয়ভাৱে প্ৰেমিকক হত্যা কৰাৰ অপৰাধত শবনম ৰামপুৰ কাৰাগাৰত বন্দী হৈ আছে। ইতিমধ্যে মৃত্যুদণ্ডৰো আদেশ দিছে আদালতে। মৃত্যুদণ্ডৰ প্ৰসংগ উত্থাপিত হওঁতেই সকলোৰে মনলৈ অহা প্ৰথম প্ৰশ্নটোৱেই হৈছে এগৰাকী অপৰাধীক ফাঁচী কাঠত তুলাৰ পূৰ্বে বিশেষ কিছু নীতি-নিয়মৰ মাজেৰে আগবঢ়া হয়। কিন্তু এই ৰীতি-নীতিসমূহৰ অন্তৰালত কি আছে?

যিকোনো দোষীক ফাঁচী দিয়াৰ আগতে, জল্লাদে কয়দীজনৰ সমান ভৰৰ এটা মূৰ্তি ওলমাই ফাঁচীকাঠটো পৰীক্ষা কৰে। নতুন একোডাল ৰছীৰ ব্যৱস্থা কৰা হয়। দোষীৰ পৰিয়ালৰ সদস্যসকলক ১৫ দিন আগতে জনোৱা হয় যে তেওঁলোকে শেষবাৰৰ বাবে বন্দীজনক লগ কৰিব পাৰে। ফাঁচীকাঠত তোলাৰ পূৰ্বে জল্লাদে অপৰাধীজনৰ কাণে কাণে কিছু কথাও কয়। জল্লাদে অপৰাধীগৰাকীৰ কাণে কাণে কয় যে, তেওঁ জল্লাদ হিচাপে কাম কৰাটো তেওঁৰ পেছা, এই মৃত্যুৰ বাবে তেওঁক যাতে দায়ী বুলি নাভাৱে। তেওঁ নিজৰ কৰ্মহে কৰিছে। ইফালে অভিযুক্তজন যদি হিন্দু হয় তেন্তে ফাঁচীকাঠত উঠাওতে ৰাম ৰাম বুলি জল্লাদে উচ্চাৰণ কৰে। আনহাতে যদি অভিযুক্তজন মুছলমান হয় তেন্তে তেওঁক চালাম কৰা হয়। তাৰ পিছতেই জল্লাদে ফাঁচীকাৰ্য সমাপন কৰে। ফাঁচীকাঠত মৃত্যু হৈছেনে সেই পৰীক্ষাৰ বাবে সেই স্থানত চিকিৎসকো উপস্থিত থাকে। চিকিৎসকৰ পৰীক্ষাৰ পিছতহে মৃতদেহটো নমাই অনা হয়।

শেহতীয়াভাৱে মৃত্যুদণ্ড বিহা প্ৰথমগৰাকী মহিলা অপৰাধী শবনমে উত্তৰ প্ৰদেশৰ আমৰোহা জিলাৰ বাৱানখেড়িত তেওঁৰ প্ৰেমিক চেলিমৰ সৈতে মুঠ সাতজন লোকক হত্যা কৰিছিল। ২০০৮ চনৰ ১৪-১৫ এপ্ৰিলৰ নিশা তেওঁ নিজা গৃহতে এই কাণ্ড সংঘটিত কৰিছিল। শবনমে মাক-দেউতাক, দুই ভায়েক, এগৰাকী ভগ্নী আৰু নিৰীহ ভতিজাকক কুঠাৰেৰে ঘপিয়াই হত্যা কৰিছিল। আৰক্ষীয়ে জনোৱা অনুসৰি, শবনমে হত্যা কৰা ভনীয়েকগৰাকী গৰ্ভৱতী আছিল। আদালতে দীৰ্ঘদিনধৰি চলা এই গোচৰক শবনমক মৃত্যুদণ্ডৰ নিৰ্দেশ দিছে। শবনমে মৃত্যুদণ্ডৰ পৰা ৰেহাই পাবলৈ ৰাষ্ট্ৰপতিলৈ ক্ষমাৰ আৱেদন কৰিছিল যদিও ৰাষ্ট্ৰপতিয়ে তেওঁৰ এই আবেদন নাকচ কৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme