1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 10:48 pm
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

ৰূপান্তৰ! এসময়ৰ পৰ্ণ তাৰকা এতিয়া বাইবেলৰ বাৰ্তা প্ৰচাৰক…

  • Update Time : Friday, April 1, 2022

ডিজিটেল ডেস্কঃ ৬বছৰ জুৰি পৰ্ণ ইণ্ডাষ্ট্ৰীত হাজাৰৰো অধিক ছবিত অভিনয় কৰিছিল৷ সেই সময়খিনিত নীলা ছবিৰ পৃথিৱীত তেওঁৰ নাম-খ্যাতি-যশ সকলো আছিল৷ ধন-সম্পত্তিও কুলাই-পাচিয়ে নধৰাকৈ ঘটিছিল৷ এই বিখ্যাত পৰ্ণ তাৰকাগৰাকীয়েই হৈছে জশুৱা ব্ৰুম৷

আমেৰিকাৰ প্ৰাক্তন পৰ্ণ তাৰকাগৰাকী এতিয়া সকলোৰে পূজনীয় এজন ব্যক্তি৷ ৰত্নাকৰো বাল্মীকি হৈছিল সেই ধাৰাৰেই পৰ্ণ তাৰকাগৰাকীয়ে সলাই পেলালে জীৱন-যাপন প্ৰণালী৷ বৰ্তমান জশুৱা এজন বাইবেলৰ বাণী প্ৰচাৰ কৰোতা৷ এসময়ত নিজেই নিয়োজিত পৰ্ণ ইণ্ডাষ্ট্ৰীৰ বেয়া দিশসমূহো জনসাধাৰণৰ সন্মুখলৈ লৈ অহাত কৃপনালী কৰা নাই জশুৱাই৷

২০১২ চনত পৰ্ণ ইণ্ডাষ্ট্ৰীক হঠাতে বিদায় দিয়াৰ সিদ্ধান্ত লয় জশুৱাই৷ জশুৱাৰ এই তাৎক্ষণিক সিদ্ধান্তত সৃষ্টি হয় ব্যাপক আলোড়নৰো৷ কিয় আঁতৰি আহে এইখন জগতৰ পৰা সেই সম্পৰ্কেও জশুৱাই নিজা মন্তব্যত কেইবাবাৰো উল্লেখ কৰিছে৷ তেওঁ কয় যে, ‘পৰ্ণ ছবিত কাম কৰিবলৈ তেওঁ মানসিকভাৱে কোনোদিনেই প্ৰস্তুত নাছিলো৷ আত্মপৰিচয়হীন এখন পৃথিৱীয়ে মোক কোনোকালেই আকৰ্ষণ কৰিব নোৱাৰে৷ টকা আছিল, আত্মসন্তুষ্টি নাছিল৷ নিজকে শেষ কৰি দিবলৈ বহুবাৰ চেষ্টা কৰিও উভতি আহিছিলো৷ পৰ্ণ ছবিত কাম কৰিবলৈ নহয় হলীউড অভিনেতা হ’বলৈহে লছ এঞ্জেলছলৈ আহিছিলো৷’

পৰ্ণ ছবিৰ পৃথিৱীক বিদায় দিয়াৰ পিছতেই তাৰ কলংক কঢ়িয়াই ফুৰি অশান্তিৰ জীৱন কটাইছিল জশুৱাই৷ সেই অশান্তিকৰ জীৱনৰ পৰা পৰিত্ৰাণ বিচাৰিয়েই ধৰ্মগুৰুৰ কাষ চাপিছিল জশুৱা৷ ধৰ্মগুৰুৰ নিৰ্দেশ পালন কৰিয়েই জশুৱাই মানসিক উপশম লাভ কৰে৷ লগে লগেই তেওঁৱো সিদ্ধান্ত ল’লে যে, ক্ষন্তেকীয়া সুখ মানুহৰ হাতত তুলি দিয়াতকৈ আত্মাৰ সুখ তুলি দিয়াতহে জীৱনৰ আচল মাদকতা থাকে৷ ধৰ্মপ্ৰচাৰক গৰাকীৰ আদৰ্শ অনুসৰণ কৰিয়েই তেওঁৱো ধৰ্ম প্ৰচাৰৰ কামত নিজকে মনোনিৱেশ কৰে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme