1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 2:11 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

বিটিআৰত আত্মপ্ৰকাশ নতুন উগ্ৰপন্থী সংগঠনৰ

  • Update Time : Friday, April 1, 2022

ডিজিটেল ডেস্কঃ চিৰাঙৰ আমগুৰি থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ মালিভিটা এলেকাত অচিনাক্ত বন্দুকধাৰীয়ে ২৯ মাৰ্চৰ নিশা সাত বজাৰ পৰা আঠ বজালৈকে শূন্যলৈ গুলীচালনা কৰি গৃহস্থৰ ঘৰত লুন্ঠন চলাই ৫ লাখ ৬০ হাজাৰ টকা লুট কৰি নিয়াৰ পিছত আজি আৰক্ষীৰ গুলীত উক্ত ডকাইত দলটোৰ সদস্য এগৰাকী নিহত হৈছে। আৰক্ষীৰ গুলীত নিহত হোৱা ডকাইত দলটোৰ সদস্যজনক গোঁসাইগাঁওৰ কাশিয়াবাৰীৰ সঞ্জুলা ওৱাৰী (২৬) বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে ভাৰত-ভুটান সীমান্ত এলেকাৰ মালিভিটা ইন্দ্ৰপুৰ বাসিন্দা কৃষ্ণে লুইটেলৰ ঘৰত ২৯ মাৰ্চৰ নিশা পিষ্টলেৰে শূণ্যলৈ গুলী ফুটাই ডকাইতৰ দলে লুটি নিছে তিনি লাখ ৬০ হাজাৰ টকা আৰু ওচৰৰে জৌমনাগুৰীৰ অবিনাশ মুছাহাৰী নামৰ আন এজন লোকৰ ঘৰত অনুৰূপ ভাবে নগদ দুই লাখ টকা আৰু সোণৰ অলংকাৰ লুটি যায়। একেনিশাই কৃষ্ণে লুইটেলৰ ঘৰত তিনিজাই আৰু অবিনাশ মুছাহাৰীৰ ঘৰত দুইজাঁই শূন্যলৈ গুলীচালনা কৰিছিল। উক্ত ঘটনাৰ পিছতে আৰক্ষীয়ে ব্যাপক তদন্ত আৰম্ভ কৰে আৰু সেৰফাংগুৰী এলেকাৰ পৰা ডকাইত দলটোৰ সদস্য তথা প্ৰাক্তন এনএলএফবি সঞ্জুলা ওৱাৰী (২৬)ক আটক কৰে। আৰক্ষীৰ জেৰাত আত্মসমৰ্পন কৰা ১৪ – ১৫ গৰাকী সদস্যক লৈ নতুন উগ্ৰপন্থী সংগঠনৰ জন্ম দিয়া বুলি সঞ্জুলা ওৱাৰীয়ে স্বীকাৰোক্তি দিয়ে। নতুনকৈ জন্ম হোৱা উগ্ৰপন্থী দলটোত বাৰ্খাও বসুমতাৰী, কেডাৰ নাৰ্জাৰীকে ধৰি আন ১৫/১৬ জন সদস্য থকা বুলি সদৰি কৰে।

দলটোৱে লুট কৰা ধন আৰু সোণৰ অলংকাৰ ভাৰত ভূটান সীমান্তৰ উল্টাপানীত লুকুৱাই থোৱা বুলি আৰক্ষীক অৱগত কৰে সঞ্জুলা ওৱাৰীয়ে। কালি নিশা লুকুৱাই থোৱা ধন -সোণ উদ্ধাৰ কৰিবলৈ সঞ্জুলা ওৱাৰীক লগত লৈ আৰক্ষীয়ে উল্টাপানীত উপস্থিত হয়।বন বিভাগৰ পৰিত্যাক্ত ঘৰৰ পিছপিনে লুকুৱাই থোৱা ধন আৰু স্বৰ্ণ অলংকাৰসমুহ সঞ্জুলা ওৱাৰীয়ে দেখুৱাই দিয়ে আৰু ধন-সোণ এপদ এপদ কৈ অনাৰ চলেৰে ধনৰ লগত থকা পিষ্টল লৈ হঠাতে আৰক্ষীক গুলীচালনা কৰে। প্ৰাক্তন উগ্ৰপন্থীজনৰ এটা গুলীয়ে এগৰাকী বিষয়াৰ বুলেটপ্ৰুফ জেকেটত আঘাত কৰে। আৰক্ষীয়ে বাধ্য হৈ গুলীচালনা কৰাত সঞ্জুলা ওৱাৰী গুৰুতৰভাৱে আহত হয় আৰু কোকৰাঝাৰৰ আৰএনবি চিকিৎসালয়ত চিকিৎসাৰ বাবে আনে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। আৰক্ষীয়ে সংঘৰ্ষথলীৰ পৰা ৭.৬৫ এমএম পিষ্টল এটা, ৪ জাঁই সজীৱ গুলী, ৪ জাঁই খালী কাৰ্টিজ, নগদ একলাখ টকা আৰু কিছুমান সোণৰ অলংকাৰ উদ্ধাৰ কৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme