1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 6:02 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

কভিডতকৈও মাৰাত্মক ‘জিকা’ ভাইৰাছ! ৰাজ্যসমূহলৈ কেন্দ্ৰৰ বিশেষ নিৰ্দেশনা…

  • Update Time : Wednesday, November 10, 2021

ডিজিটেল ডেস্কঃ হ্ৰাস হোৱা নাই ক’ৰণা মহামাৰীৰ ভয়াৱহতা। ক’ৰণাৰ ভয়াৱহতাৰ মাজতে ভাৰতত বৃদ্ধি হৈছে অন্য এবিধ ভাইৰাছৰ আতংক৷ ডেংগুৰ লগতে জিকা ভাইৰাছৰ সংক্ৰমণে এতিয়া চিন্তিত কৰিছে দেশবাসীক৷ ভাৰতৰ বহুকেইখন ৰাজ্যত ‘জিকা’ আৰু ডেংগুৰ ভয়াৱহ হাৰত সংক্ৰমণ হোৱাৰ বাবেই হাই এলাৰ্ট জাৰি কৰা হৈছে৷ উত্তৰ ভাৰতত জিকা ভাইৰাছৰ প্ৰকোপ অত্যাধিক৷ যাৰ বাবে উত্তৰ ভাৰতৰ ৰাজ্যকেইখনত জিকাক লৈ হাই এলাৰ্ট জাৰি কৰা হৈছে। ৰাজ্যকেইখনৰ স্বাস্থ্য বিভাগেও জিকা ভাইৰাছৰ লগত মোকাবিলা কৰিবলৈ সাজু হৈ উঠিছে।

ক’ৰণাতকৈও ভয়াৱহ নেকি ‘জিকা’ ভাইৰাছ?

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, জিকা ভাইৰাছৰ সংক্ৰমণৰ হাৰ ক’ৰণাতকৈও বেছি৷ এই ভাইৰাছবিধ দেশৰ বহু চহৰত দ্ৰুত গতিত বিয়পিছে৷ বিগত কিছুদিনৰ পৰা উত্তৰ প্ৰদেশ, কানপুৰ, কনৌজ আৰু মথুৰাকে ধৰি কেইবাখনো ৰাজ্যত জিকা ভাইৰাছৰ সংক্ৰমণৰ হাৰ বৃদ্ধি হৈছে৷ ৰাজ্যকেইখনৰ ভিতৰত কানপুৰ আৰু কনৌজত জিকা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ পিছতেই মথুৰাৰ একাংশ লোক আতংকিতও হৈছে৷ কেৱল উত্তৰ প্ৰদেশতে জিকা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত লোকৰ সংখ্যাই চেঞ্চুৰি কোবাইছে। এই ভাইৰাছত সাধাৰণ লোকৰ লগতে গৰ্ভৱতী মহিলাও আক্ৰান্ত হৈছে।

মঙলবাৰে কানপুৰত ১৬ টাকৈ জিকা ভাইৰাছত আক্ৰান্ত হোৱাৰ ঘটনা পোহৰলৈ আহিছে। যাৰ ভিতৰত আছে ৭ গৰাকী মহিলা আৰু ৯ গৰাকীকৈ পুৰুষ। এই ৭ গৰাকী মহিলাৰ ভিতৰত ২ গৰাকীয়ে হৈছে গৰ্ভৱতী মহিলা। আনহাতে কানপুৰত জিকা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃ্‌দ্ধি পোৱাৰ বাবে বুধবাৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ কানপুৰলৈ ৰাওনা হৈছে৷

ক’ত ক’ত বাঢ়িছে ‘জিকা’ৰ আতংক?

কানপুৰত সংক্ৰমনৰ হাৰ বৃদ্ধি হোৱাৰ বাবে সতৰ্ক হৈ পৰিছে স্বাস্থ্য বিভাগো৷ জিকা ভাইৰাছত সংক্ৰমিত ব্যক্তিসকলৰ প্ৰমাণীকৰণৰ বাবে অঞ্চলটোত নিৰীক্ষকৰ এটা দলো মোতায়েন কৰা হৈছে৷ কানপুৰৰ প্ৰতিখন ঘৰতে আৰম্ভ কৰা হৈছে পৰীক্ষণ প্ৰক্ৰিয়াও। জিকা ভাইৰাছক লৈ সাধাৰণ লোকৰ মাজত উদয় হৈছে কিছু প্ৰশ্নৰো৷ জিকা ভাইৰাছ কি? কেনেকৈ সংক্ৰমিত হয় এই ভাইৰাছ? উল্লেখ্য যে, ২০১৭ চনত দেশৰ প্ৰথমটো জিকা ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰ পোহৰলৈ আহিছিল। গুজৰাটত ২০১৭ চনত ৩ জন আৰু ২০১৮ চনত ১ জন লোক আক্ৰান্ত হৈছিল জিকা ভাইৰাছত। একেদৰে ২০১৭ চনত তামিলনাডুত আক্ৰান্ত হৈছিল ১ জন লোক। ২০১৮ চনত মধ্য প্ৰদেশত জিকা ভাইৰাছৰ সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছিল আৰু ৰাজ্যখনৰ ১৩০ গৰাকীকৈ লোক আক্ৰান্ত হৈছিল এই ভাইৰাছত। কেৱল মধ্য প্ৰদেশৰ সমান্তৰালকৈ ২০১৮ চনতে ৰাজস্থানত জিকা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা ১৫৯ টা বৃদ্ধি পাইছে৷ বিগত বৰ্ষকেইটাতকৈ ২০২১ চনত কেৰালাত জিকা ভাইৰাছৰ সংক্ৰমণ অত্যাধিক হাৰত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷। কেৰেলাত প্ৰায় ৬৪ জন লোক আক্ৰান্ত হৈছে জিকা ভাইৰাছত৷

কেনেদৰে সংক্ৰমিত হৈছে ‘জিকা’ ভাইৰাছ?

জিকা ভাইৰাছ সাধাৰণতে এডিছ মহৰ কামোৰৰ পৰা সংক্ৰমিত হয়। এডিছ মহে যিকোনো সময়তে কামোৰিব পাৰে মানুহক কামুৰিব পাৰে। জিকা ভাইৰাছ এজন ব্যক্তিৰ পৰা আন এজনলৈ সংক্ৰমিত হ’ব পাৰে। জিকা ভাইৰাছ গৰ্ভৱতী মহিলাৰ বাবেও বিপদজনক। জিকা ভাইৰাছ গৰ্ভাৱস্থাত সংক্ৰমিত হ’লে গৰ্ভস্থ সন্তানটোৰ ক্ষেত্ৰটো ভয়াৱহ হৈ উঠিব পাৰে৷

‘জিকা’ ভাইৰাছৰ লক্ষণসমূহ কি কি কেনেকৈ হাত সাৰিব ‘জিকা’ৰ পৰা?

মুৰৰ বিষ, জ্বৰ, গাঁঠিৰ বিষ, চকু ৰঙা পৰা, পেশীৰ বিষ হ’ব পাৰে৷ কিছুসংখ্যক বিশেষজ্ঞৰ মতে, জিকা ভাইৰাছৰ লক্ষণ সম্পূৰ্ণ ডেংগু আৰু চিকুনগুনিয়া দৰেই হয়। জিকা ভাইৰাছৰ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ হ’লে নিজাকৈ কিছু সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন৷ জিকা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ পৰা আঁতৰি থাকক, এই ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংস্পৰ্শলৈ আহিলে চেনিটাইজাৰ ব্যৱহাৰ কৰক৷ সংক্ৰমিত ব্যক্তিৰ মুখৰ পৰা সদায়েই নিজৰ মুখখন আঁতৰত ৰাখিব৷ যদিহে ডাইবেটিছ, উচ্চ ৰক্তচাপ অন্যথা হাৰ্টৰ পেচেন্ট হয় তেন্তে চিকিৎসকৰ পৰামৰ্শ লৈহে ঔষধ খাব লাগে ইয়াৰোপৰি জিকা ভাইৰাছ সংক্ৰমণৰ টেষ্ট কৰাটো প্ৰয়োজনীয়৷

‘জিকা’ ভাইৰাছত আক্ৰান্ত হ’লে কি কৰিব?

শৰীৰত জিকা ভাইৰাছ লক্ষণসমূহে দেখা দিলে শীঘ্ৰেই চিকিৎসকৰ সৈতে যোগাযোগ কৰাৰ লগতে তেজ পৰীক্ষা বা প্ৰস্ৰাৱ পৰীক্ষা কৰাটো প্ৰয়োজনীয়৷ পৰিষ্কাৰ পৰিচ্ছন্নতা ৰক্ষা কৰি চলাৰ লগতে হাত চেনিটাইজ কৰি থাকিব লাগে৷ গৰ্ভৱতী মহিলাসকলেও জিকা ভাইৰাছৰ পৰীক্ষণ কৰাৰ লগতে ভিটামিন জাতীয় খাদ্য খোৱাটো প্ৰয়োজন৷ বৰ্তমানলৈকে জিকা ভাইৰাছ কোনো ঔষধ প্ৰস্তুত হোৱা নাই, সেয়েহে সংক্ৰমিত লোকসকলে তেওঁলোকৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো প্ৰয়োজন৷ সংক্ৰমিত লোকসকলে মানসিক চিন্তাৰ পৰা আঁতৰত থাকি পৰাপক্ষত আৰাম কৰাটো প্ৰয়োজন৷ ইয়াৰোপৰি গৰম পানীৰ লগতে চাহ, কফি আদি সঘনাই খোৱাটো স্বাস্থ্যৰ বাবে উপযোগী।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme