1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 12:05 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

ৰতন টাটাৰ সাফল্যৰ ৫টা মন্ত্ৰ, খোদ নিজেই ক’লে টাটাই, কি এই পাঁচোমন্ত্ৰ…

  • Update Time : Friday, March 25, 2022

ডিজিটেল ডেস্কঃ এজন সফল ব্যৱসায়ী ৰতন টাটা৷ ৰতন টাটাৰ এই সাফল্যৰ আঁৰত বাৰু কি আছে? ৰতন টাটাই প্ৰত্যেক সময়তে অনুশীলন কৰে বিশেষ পাঁচোটা মন্ত্ৰ৷ কি এই মন্ত্ৰ জানেনে? ৰতন টাটাৰ নাম নজনা নাগৰিক হয়তো দেশত খুব কমেই আছে৷ কেৱল দেশতেই নহয় বিদেশতো টাটাৰ সমাদৰক কোনোৱে নুই কৰিব নোৱাৰে৷ বৰ্তমান পৃথিৱীৰ সৰ্বাধিক ধনী ব্যক্তি এলন মাস্কেও বহু সময়ত বিভিন্ন সাক্ষাৎকাৰত ৰতন টাটাৰ নাম উচ্চাৰণ কৰে৷ ৰতন টাটাক দেখিয়েই বহুলোকে তেওঁৰ দৰে হোৱাৰ বাসনাও মনে মনে নকৰা নহয়৷ ৰতন টাটাৰ ব্যৱসায়ে পৃথিৱীতেই প্ৰতিষ্ঠা লাভ কৰাৰ মূলমন্ত্ৰ নিজেই প্ৰকাশ কৰিছে ৰতন টাটাই৷ ৰতন টাটাই আগবঢ়োৱা বিশেষ ৫ টা মূলমন্ত্ৰৰ ভিতৰত প্ৰথমেই আছে-

 নিজৰ কৰ্মচাৰীসকলৰ সৈতে থাকক

আপুনি যিমানেই ডাঙৰ ব্যৱসায়ীয়েই নহওক, ব্যৱসায় যিমান স্থানতেই নাথাকক কিয়, আপুনি আপোনাৰ কৰ্মচাৰীৰ সৈতে সময় কটাওক৷ তেওঁলোকৰ সৈতে বন্ধুুত্বৰ সম্পৰ্ক বৰ্তাই ৰাখি তেওঁলোকৰ কামকাজ অনুসৰণ কৰক৷ কৰ্মচাৰীসকলৰ সৈতে কোনোকাৰণতে বেয়া ব্যৱহাৰ নিদিব৷ আপোনাৰ এই আচৰণে আপোনাৰ সফলতাৰ বাটত মসৃণতা আনিব৷

কৰ্মচাৰীক আঁতৰাই পঠিওৱাই সমাধান নহয়

যিয়েই ব্যৱসায় নহওক মাজে-সময়ে সকলোৱে বিপৰ্যয়ৰ সন্মুখীন হোৱাটো স্বাভাৱিক কথা৷ লাভৰ পৰিমানো উঠা-নমা হোৱাটো স্বাভাৱিক৷ তাৰ মাজতেই বৰ্তমান এনে এক ট্ৰেণ্ড গঢ় লৈছে যে লাভালাভ কিছু কম হ’লেই কৰ্মচাৰীসকলক কৰ্মক্ষেত্ৰৰ পৰা বিদায় দিয়া হয়৷ সেয়া একেবাৰেই ভুল পন্থা৷ অত্যাধিক কৰ্মচাৰী আঁতৰাই পঠোৱাটোৱে প্ৰতিষ্ঠানটোৰ গৰিমাত আঘাত হানে৷ টাটাই কেতিয়াও তেনে পন্থা গ্ৰহণ নকৰে৷ আনকি কভিডৰ বিপৰ্যয়ৰ সময়খিনিতো টাটাই একমাত্ৰ ব্যতিক্ৰম বহুজাতিক কোম্পানী যিয়ে এজনো কৰ্মচাৰীক আঁতৰি যাবলৈ নিৰ্দেশ দিয়া নাই বা দৰমহাৰ পৰিমানো কমাই অনা নাই৷

আপোনাৰ ঐক্যই আপোনাৰ শক্তি

কঠিন সময় প্ৰত্যেকৰে ব্যৱসায় বা জীৱনলৈ আহেই৷ কঠিন সময়ত ঐক্যবদ্ধ হৈ থকাটো সফলতাৰ মূলমন্ত্ৰ৷ কঠিন সময়ত যদি আপুনি আপোনাৰ প্ৰতিষ্ঠানৰ কৰ্মীৰ সৈতে ঐক্যবদ্ধ হৈ থাকিব পাৰিছে তেন্তে আপোনাৰ হৰুৱাব পৰা কোনো শক্তিয়েই নাই৷

 তৈয়াৰ কৰা সামগ্ৰীৰ দৰ বজাৰত থকাটো খুবেই প্ৰয়োজন

আপোনাৰ কোম্পানীত তৈয়াৰ কৰা সামগ্ৰীৰ দৰ বজাৰত সকলো সময়তে থকাৰ উপযোগী হোৱাটো প্ৰয়োজন৷ নহলে ব্যৱসায়ত অগ্ৰগতি কৰা সম্ভৱপৰ নহয়৷ টাটা কোম্পানীৰ আটাইতকৈ লেখত ল’বলগীয়া কথাই হৈছে টাটাই নিৰ্মাণ কৰা সামগ্ৰীৰ দৰ বজাৰত প্ৰত্যেকসময়তে থাকে৷ টাটাই যুৱ প্ৰজন্মৰ কৰ্মচাৰীৰ সৈতে কাম কৰাটো আটাইতকৈ বেছি পছন্দ কৰে৷ যুৱ প্ৰজন্মৰ কৰ্মচাৰী সৰ্বাধিক থকা হিচাপেও টাটা কোম্পানীটোৰ নাম বহুতেই ল’ব খোজে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme