ডিজিটেল ডেস্কঃ মনৰ ইচ্ছা পূৰণ কৰিবলৈ মানুহে নকৰে কি? মন যোৱাৰ বাবেই এগৰাকী যুৱকে লৈছে ব্যক্তিক্ৰমী পদক্ষেপ। নিজৰ সৰ্বশৰীৰত অংকণ কৰিছে টেটু। মন যোৱাৰ বাবেই ৩৩ লাখ টকা ব্যয়ৰে অংকণ কৰিছে এইসমূহ টেটু।
যুৱকজনে টেটু অংকণ কৰাই নহয় সলাইছে বহুলোকৰ ধাৰণাও। শৰীৰত টেটু থাকিলে চৰকাৰী চাকৰি লাভ কৰাত অসুবিধা হয় বুলি আমাৰ বহুতৰেই ধাৰণা। কিন্তু যুৱকজনে জনোৱা অনুসৰি টেটু অংকণ কৰাৰ ফলত যুৱকজনে লাভ কৰিছে চাকৰিও। ব্ৰিটেইনৰ শ্বেফিল্ডৰ নিৱাসী এইগৰাকী ৪৫ বছৰীয়া কৰাক স্মিথ। তেওঁ দাবী কৰা অনুসৰি তেওঁ সৰ্বশৰীৰত টেটু অংকণ কৰাৰ ফলত ৭ টাকৈ নিয়োগৰ সুবিধা লাভ কৰিছে। কৰাক স্মিথে ১৮ বছৰ বয়সতে প্ৰথমটো টেটু অংকণ কৰিছিল। দুটি সন্তানৰ পিতৃ কৰাকৰ গাল আৰু নাকৰ বাহিৰে শৰীৰৰ ৯০ শতাংশতে অংকিত হৈ আছে টেটু৷
বৰ্তমান কৰাকে ‘লোকেল অথৰিটি’ৰ সহযোগত সামাজিক কৰ্মত ব্যস্ত৷ কৰাকে আন ব্যক্তিৰ সৈতে সন্মুখীন হ’লে সেইসকল ব্যক্তিয়ে কৰাকৰ ওপৰত মতামত ব্যক্ত কৰি কয় যে, তেওঁ কেতিয়াও চৰকাৰী চাকৰী লাভ নকৰে৷ কৰাকে আনৰ মতামতসমূহলৈ অওকাণ কৰি নিজৰ কৰ্মত সদাব্যস্ত৷ এই মতামত সমূহৰ প্ৰতি উত্তৰত কৰাকে কয়, তেওঁ ১৮ বছৰ বয়সৰ পৰাই চাকৰি কৰিছে আৰু এটা সপ্তাহত ৬,৭ টাকৈ চাকৰিত নিয়োগৰ সুবিধা লাভ কৰে৷ কেতিয়াবা তেওঁ অনুভৱ কৰে, শৰীৰত বনোৱা টেটু অংকণ কৰাৰ বাবেই চাকৰী লাভ কৰিছে কৰাকে৷ কাৰণ আন সমাজকৰ্মী সকলোতকৈ সম্পূৰ্ণ পৃথক কৰাক৷
উল্লেখ্য যে কৰাকৰ জীৱন কাহিনী জনাৰ বাবেই এতিয়া বহুলোকেই আগ্ৰহী হৈ উঠিছে। কেৱল টেটুৰেই চৰ্চালৈ অহা কৰাকক লৈ বহুতেই মন্তব্যও কৰিছে, পৃথিৱীৰ প্ৰান্তত এনেকোৱা বহুলোক আছে যিসকল সমাজৰ আন ব্যক্তিসকলতকৈ সম্পূৰ্ণ পৃথক৷