1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 5:38 pm

সুৰাপায়ী আৰক্ষীৰ এক নিৰ্লজ্জ কাণ্ড…

  • Update Time : Wednesday, March 23, 2022

ডিজিটেল ডেস্কঃ লাহৰীঘাটৰ পিছতে গোলাঘাটত আৰক্ষীৰ বৰ্বৰ কাণ্ড৷ সুৰাপান কৰি আৰক্ষীয়ে এইবাৰ প্ৰহাৰ কৰিলে গোলাঘাটৰ এটা পৰিয়ালক৷ নিশা সুৰাপান কৰি পৰিয়ালটিত প্ৰৱেশ কৰিছিল আৰক্ষীৰ এটা দল৷ পিছে শেহতীয়াতৈ আৰক্ষীৰ এনেধৰণৰ কু-কাণ্ডক লৈ এতিয়া উত্থাপন হৈছে বহু প্ৰশ্ন!

অসম আৰক্ষীৰ বৰ্বৰতা প্ৰতিদিনে বৃদ্ধি পাই আহিছে। হোলীৰ দিনটোত এগৰাকী পল্টনবজাৰ যানবাহন আৰক্ষীয়ে সন্তান আৰু পত্নীৰ সন্মুখতে এগৰাকী বাইক আৰোহীক প্ৰহাৰ কৰিছিল৷ বাইক আৰোহী বিকী গুপ্তাক প্ৰহাৰ কৰা ঘটনাৰ ভিডিঅ’ সমগ্ৰ অসমতে ভাইৰেল হৈ পৰিছিল, সৰ্বত্ৰে প্ৰতিবাদৰ জোৱাৰ উঠিছল৷ বিনা কাৰণত পত্নী আৰু কণমানী সন্তানৰ সন্মুখত বাইক আৰোহীক প্ৰহাৰ কৰাৰ লগতে জেললৈ প্ৰেৰণ কৰা হৈছিল৷ এই ঘটনাত হস্তক্ষেপ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ স-সন্মানেৰে বাইক আৰোহী বিকী গুপ্তাক জেলৰ পৰা উলিয়াই আনিব বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু DGP ভাস্কৰজ্যোতি মহন্তই আৰু এই কথামতেই জেলৰ পৰা উলিয়াই দিয়াও হৈছিল পল্টন বজাৰত প্ৰহাৰ কৰা বাইক আৰোহী বিকী গুপ্তাক৷ ইপিনে, এই সমগ্ৰ ঘটনাৰ সৈতে জড়িত থকা যান বাহন আৰক্ষী ফকৰুদ্দিন আহমেদক নিলম্বন কৰা হৈছিল৷

আনহাতে, পল্টনবজাৰ ঘটনা মাৰ নৌযাওঁতেই লাহৰীঘাটত আন এক অমানৱীয় কাণ্ড সংঘটিত হৈছিল৷ এপেকেট বিস্কুট চুৰি কৰাৰ অপৰাধত এটি ১৪বছৰীয়া কিশোৰক থানাৰ ভিতৰতে প্ৰহাৰ কৰিছিল এগৰাকী আৰক্ষীয়ে৷ ইউনিফৰ্ম পৰিধান নকৰাকৈয়ে প্ৰহাৰ কৰিছিল কিশোকটিক৷ নিমিষতে এই ভিডিঅ’ ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত৷ এই ঘটনাই ২৪ ঘন্টা পাৰ কৰাৰ পিছতে বুধবাৰে আন এক ভয়ংকৰ ঘটনা সংঘটিত হয় গোলাঘাটত৷ গোলাঘাটৰ মেৰাপানীৰ আৰক্ষীয়ে সুৰাপান কৰি গোলাঘাটৰ এটা পৰিয়ালত প্ৰৱেশ কৰে আৰু পৰিয়ালটোৰ লোকসকলক আক্ৰমণ কৰে৷ মঙলবাৰে নিশাৰ ভাগত সংঘটিত হয় এই ঘটনা৷ ইতিমধ্যে এই ঘটনাৰ বাবে সৰ্বত্ৰে প্ৰতিক্ৰীয়া আৰম্ভ হৈছে৷ প্ৰশ্ন উত্থাপন হৈছে সচেতন মহলৰ মাজত, কিয় এনেদৰে খাকী পোছাকত কালিমা সানিছে আৰক্ষী বিষয়াসকলে! কিয় আইন ভংগকাৰী কামবোৰ আৰম্ভ কৰিছে আৰক্ষীয়ে৷ জনসাধৰণৰ সেৱাৰ সৈতে ব্ৰতী থকা আৰক্ষীয়ে কিয় ভৰিৰে মোহাৰিছে আইম,তাক লৈ উত্থাপন হৈছে প্ৰশ্ন৷ পিছে এইক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেনেধৰণৰ ভূমিকা পালন কৰে সেইয়া সময়ত লক্ষণীয় হ’ব৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme