ডিজিটেল ডেস্কঃ টোলগেট সমীপৰ লোক সকলৰ বাবে সু-খবৰ৷ টোলগেট সমীপৰ লোক সকলে পৰিষোধ কৰিব নালাগে কোনো ধৰণৰ ধনৰাশি৷ সেই স্থানৰ লোক সকলৰ বাবে চৰকাৰে দিব বিশেষ পাচ৷ আধাৰ কাৰ্ডৰ জৰিয়তে লাভ কৰিব এই বিশেষ পাচ সমূহ৷ লোকসভাত ঘোষণা কৰিলে কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে৷ লগতে ৬০ কিলোমিটাৰ ব্যৱধানত থাকিব নোৱাৰিব দুখনকৈ টোলগেট৷ দুখনকৈ টোলগেট থাকিলে ৩ মাহৰ ভিতৰত বন্ধ কৰাৰ সিদ্ধান্ত চৰকাৰৰ৷ আৰু এই কথা সদৰি কৰিলে কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে৷