ডিজিটেল ডেস্কঃ ৰাজ্যত প্ৰতি নিশাই সংঘটিত হৈছে এনকাউন্টাৰৰ ঘটনা৷ গুৱাহাটী মহানগৰীত আৰক্ষীৰ এনকাউন্টাৰৰ পিছতে পুনৰ পশ্চিম কাৰ্বি আংলঙত সংঘটিত হয় আন এক এনকাউণ্টাৰৰ ঘটনা। অভিযুক্ত হৰেন্দ্ৰ ৰাম নামৰ লোকজনৰ বিৰুদ্ধে ৮ আৰু ৫ বছৰীয়া শিশুক ধৰ্ষণ কৰাৰ অভিযোগ আছিল । ধৃত হৰেন্দ্ৰ ৰামে আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ লওঁতেই আৰক্ষীয়ে গুলীচালনা কৰে। যাৰ ফলত বাওঁ ভৰিত গুলী লাগি আহত হয় অভিযুক্ত হৰেন্দ্ৰ ৰাম। এনকাউণ্টাৰৰ পূৰ্বে শূন্যলৈ দুই জাঁই গুলীচালানা কৰে আৰক্ষীয়ে।