ডিজিটেল ডেস্কঃ এইবাৰ দক্ষিণাত্যৰ কানাড়া ছবিত জিলিকিল অসম কন্যাৰ নাম। ২০১৮ চনৰ ডিচেম্বৰ মাহত মুক্তি লাভ কৰা বহুচৰ্চিত ছবি “KGF chapter 1”-এ দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। সমান্তৰালভাৱে বোলছবিখনে হিন্দী ভাষাটো বক্স-অফিচত খলকনি তুলিবলৈ সক্ষম হৈছিল। পৰিচালক উলিয়ায় প্ৰশান্ত নীলৰ পৰিচালনাত ছবিখন ২০১৮ বৰ্ষৰ এখন বহুল চৰ্চিত বোলছবি হিচাৰে পৰিগণিত হৈছিল। ছবিখনৰ মূখ্য ভূমিকাত অভিনয় কৰিছিল নবীন কুমাৰ গৌদায়ে (য়ছ),তমন্না ভাতীয়া, শ্ৰীনিধি শ্ৰেত্ৰী, অনন্ত নাগ, আয়াপ্পা পি শৰ্মা, ৰামাচন্দ্ৰ ৰাজুৰ লগতে দক্ষিণাত্যৰ বহু অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিছিল ছবিখনত৷ চলিত বৰ্ষত “KGF chapter 2”-ৰ মুক্তিৰ অপেক্ষা কৰিছে ছবিখনৰ অনুৰাগীসকলে৷ ছবিখনৰ পোষ্ট প্ৰডাকছনৰ কাম ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ দিশত।
শেহতীয়াকৈ “KGF chapter 2″ৰ এটা লিৰিকেল ভিডিঅ গীত মুকলি হয়,য’ত অসমৰ জনপ্ৰিয় কন্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে কন্ঠদান কৰিছে৷ গীতটো মুকলি হোৱাৰ পিছৰে পৰা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ এই ছবিখনৰ ট্ৰেইলাৰ অহা ২৭ মাৰ্চত মুকলি কৰা হ’ব লগতে ছবিখনে অহা ১৪ এপ্ৰিলত ছবিগৃহলৈ আহিব৷ অসম জীয়ৰী কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ এই সাফল্যত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে অসমৰ প্ৰতিজন সাংস্কৃতিকপ্ৰেমী।