1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 12:42 am

মৰিগাঁও নগৰৰ মাজ মজিয়াত থকা পদুম পুখুৰীত বৃহৎ আকাৰৰ মাছৰ মৃত্যু

  • Update Time : Thursday, September 11, 2025

বুধবাৰে নিশা মৰিগাঁও নগৰৰ মাজ মজিয়াত অৱস্থিত পদুম পুখুৰী পাৰ্কৰ মাজতে থকা পুখুৰীত মাছসমূহৰ  মৃত্যু হোৱা পৰিলক্ষিত হৈছে। বুধবাৰে নিশা মৃত্যু হোৱা মাছবোৰ গেলি দুৰ্গন্ধ ওলোৱাত আজি পুৱা প্ৰাতঃভ্ৰমণত অহা কেইজনমান সচেতন যুৱকে পুখুৰীৰপৰা মৰা মাছ বোৰ উলিয়াই পেলায়। তেওঁলোকে জানিবলৈ দিয়ে যে প্ৰায় এক কুইণ্টল মাছ ইতিমধ্যে মৃত্যু হৈছে। মৰিগাঁৱৰ সংবাদদাতাই যুগুত কৰা তথ্য অনুসৰি অত্যাধিক পৰিমাণে গেছ হোৱা ফলত মাছ বোৰৰ মৃত্যু হৈছে, উল্লেখযোগ্য যে পাৰ্কত ফুৰিবলৈ অহা লোক সকলে মাছ বোৰক খাবলৈ দিয়া খাদ্য বোৰ ম্যাদ যোৱা বুলি সন্দেহ কৰে।  ম্যাদ যোৱা খাদ্য যেনে মুৰি আদি খাদ্যবোৰ খোৱা কাৰণেও মৃত্যু হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰে। মৃত মাছ বোৰৰ ভিতৰত আছিল ৮ কে:জি ওজনৰ চন্দা , ১২ কে:জি ওজনৰ কমনকাত আৰু ১০ কে:জি ওজনৰ বিকেড বুলি অনুমান কৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme