1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 4:46 am

মঙলদৈত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সভাৰ বুজ ল’লে মুখ্যমন্ত্ৰী ডo শৰ্মাই

  • Update Time : Tuesday, September 9, 2025

কাৰেণ্ট ট্ৰেণ্ড অসম ডেস্কঃ অহা ১৩ ছেপ্টেম্বৰত দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। দুদিনীয়া ভ্রমণ কালত প্রধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অহা ১৪ ছেপ্তেম্বৰত মঙলদৈত চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপনৰ লগতে এখন ৰাজহুৱা সভাও সম্বোধন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মঙলদৈত উপস্থিত হোৱাৰ প্ৰাকক্ষণত মঙলদৈত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ মঙলদৈত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সম্বোধন কৰিবলগীয়া সভাৰ স্থান পৰিদৰ্শনৰ লগতে প্ৰস্তুতি সম্পৰ্কে বুজ লয় মুখ্যমন্ত্ৰী ড০ শৰ্মাই৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সম্বোধন কৰিবলগীয়া সভাৰ স্থান পৰিদৰ্শনৰ লগতে প্ৰস্তুতি সম্পৰ্কে বুজ লোৱাৰ সময়ত উপস্থিত থাকে মন্ত্ৰী শ্ৰীযুত জয়ন্ত মল্ল বৰুৱা, বিধায়ক দিগন্ত কলিতা, বিধায়ক পৰমানন্দ ৰাজবংশী, বিধায়ক বসন্ত দাস, নৱগঠিত ৰঙানদী বিধানসভা সমষ্টিৰ যুৱ-নেতা ঋষিৰাজ হাজৰিকাৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা, জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকল৷ 

 

সভাস্থলী পৰিদৰ্শন CM হিমন্তৰ

সভাৰ প্ৰস্তুতিৰ বুজ ল’লে মুখ্যমন্ত্ৰী ড০ শৰ্মাই

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme