আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী, জন্ম জয়ন্তী উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে বৰ্ণাঢ্য কাৰ্যসূচী৷ আজি জন্ম শতবাৰ্ষিকীত আমি আপোনালোকক জনাম ভূপেন হাজৰিকাৰ কিছু অজানা কথা যাৰ কথা হয়তো খুব কম সংখ্যক লোকে অৱগত৷ ভূতৰ মুখামুখি হৈছিল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, শুনিব আচৰিত যেন লাগিলেও এয়া কিন্তু সত্য৷ এয়া হৈছে ১৯৭৮ চনৰে কথা, ভূপেন হাজৰিকাৰ ভাতৃ বিশিষ্ট সংগীত শিল্পী জয়ন্ত হাজৰিকা মৃত্যুৰ কেইটামান দিনৰ পিছৰে কথা৷ ভূপেন হাজৰিকাই কল্পনা লাজমী আৰু তেওঁৰ মাতৃক লগত গৈছিল পুৰীলৈ৷ ব্ৰিটিছ যুগতে তৈয়াৰে এটা বৰ অতিথিশালাত তেওঁলোক থাকিবলৈ লৈছিল৷ অতিথিশালাটোৰ পৰা দেখা পোৱা গৈছিল সাগৰৰ পাৰৰ মনমোহা দৃশ্য, সেইদিনা ৰাতিয়ে ভূপেন হাজৰিকাৰ লগত ঘটিল এক অনাকাংক্ষিত ঘটনা যাৰ কল্পনা হয়তো তেওঁ নিজেও কৰা নাছিলে৷ উক্ত নিশাই সাগৰত আহিছিল এক ভয়ানক ধুমুহা, যাৰ দৃশ্য আছিল অতি ভয়ংকৰ৷ বাহিৰত হৈ থকা প্ৰচণ্ড ধুমুহাত খট খটকৈ শব্দ কৰিছিল খিৰিকীবোৰে৷ ভয়ে-ভয়ে নিশাটো প্ৰায় তেনেদৰে পাৰ কৰিছিল কল্পনা লাজমী আৰু তেওঁৰ মাতৃয়ে৷ কিছু সময়ৰ পাছতে তেওঁলোকৰ কোঠালীৰ দুৱাৰত কোনোবাই টোকৰ মাৰিছিল, এই শব্দ ইমানে ডাঙৰ আছিল যে গোটেই কোঠালীটোত কঁপি উঠিছিল৷ ভয়ে-ভয়ে কল্পনা লাজমীয়ে দুৱাৰ খোলাৰ পিছত তেওঁ হতভম্ব হৈ পৰিছিল, দুৱাৰমুখত সেয়া আন কোনো নহয় আছিল ড০ ভূপেন হাজৰিকা৷ উত্তেজিত হৈ তেওঁ কোঠাত প্ৰৱেশ কৰিলে৷ তেওঁ কল্পনা লাজমীৰ মাতৃৰ আগত উল্লেখ কৰিছিল যে তেওঁ বিঘিনি জন্মোৱা বস্তু এটা দেখা পাইছে৷ সেয়ে কল্পনা লাজমী আৰু তেওঁৰ মাক থকা কোঠালীটোতে নিশাটো পাৰ কৰাৰ অনুমতি বিচাৰিলে ভূপেন হাজৰিকাই৷ সেই নিশা হঠাতে মানুহজনক দেখা পোৱা গৈছিল অন্য এটা ৰূপত যিটো কেতিয়াও তেওঁলোকে দেখা পোৱা নাছিল৷ ঔষধৰ টোপোলাৰ পৰা ভূপেন হাজৰিকাই ঔষধ লৈ তেওঁলোকৰ কোঠালীটোৰ চোফাখনতে শুই পৰিলে৷ সকলো শুই পৰাৰ পিছতে ভূপেন হাজৰিকাই কল্পনা লাজমীক ক’লে তেওঁৰ ভয়ৰ আঁৰৰ কাৰণ, তেওঁ ক’লে – ” মাজনী মই ৰাণাক দেখা পাইছিলো৷ ” এয়া সকলোবোৰ তেওঁৰ কল্পনা বুলি কল্পনা লাজমীয়ে কৈছিল কিন্তু তেখেতৰ একমত নহৈ নিজৰ কথাতে আঁকোৰগোঁজ হৈ আছিল সুধাকণ্ঠ ভূপেন হাজৰিকা৷ তেওঁ কয় যে – “সি মোক লগ ধৰিবলৈ আহিছিল, সি মোক কিবা ক’ব বিচাৰিছিল৷” সেয়া মাথো কল্পনা আছিল নে ভূপেন হাজৰিকাই সঁচাকৈয়ে দেখা পাইছিল তেওঁৰ ভাতৃ প্ৰয়াত জয়ন্ত হাজৰিকাক যিটো এতিয়া হৈ থাকিল একমাত্ৰ নুবুজা সাঁথৰ হৈ৷