1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 6, 2025, 11:02 pm

কানাডাৰ এডমন্টন চহৰত অনুষ্ঠিত হোৱা ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ গ্ৰন্থ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’ৰ উন্মোচন

  • Update Time : Saturday, September 6, 2025

কানাডাৰ এডমন্টন চহৰত অনুষ্ঠিত হোৱা ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ গ্ৰন্থ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’ উন্মোচন কৰা হয়৷ এডমন্টন চহৰৰ চিটাডেল থিয়েটাৰত শুকুৰবাৰে উক্ত গ্ৰন্থখন যুটিয়া ভাৱে উন্মোচন কৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা আদিল হুছেইন আৰু চলচ্চিত্ৰ পৰিচালক ৰিমা দাসে৷ গ্ৰন্থখন প্ৰকাশ কৰিছে আমেৰিকাৰ ব্লুমছ বেৰী একাডেমীকে৷ গ্ৰন্থখন উন্মোচন কৰি আদিল হুছেইনে কয় যে “পাৰ্থজিৎ বৰুৱাৰ কষ্ট আৰু ত্যাগক আমি শলাগ লৈছো আৰু এই গ্ৰন্থখনে উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ চিনেমাৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰিছে৷ এই গ্ৰন্থখন ভাৰতীয় চিনেমা ইতিহাসৰ এক নতুন সংযোজন”৷ গ্ৰন্থখন উন্মোচন কৰি ৰিমা দাসে কয়, “ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ উত্তৰ-পূৰ্বাঞ্চল চিনেমাৰ বিষয়ে এই গ্ৰন্থখনৰ জৰিয়তে জানিব পাৰিব৷” এইখিনিতে উল্লেখ কৰিব পৰা যায় যে ভাৰতৰ ভৌগলিক চাৰিসীমাৰ বাহিৰত চিনেমা বিষয়ক গ্ৰন্থ উন্মোচন হোৱা এইখনেই উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমখন গ্ৰন্থ৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme