ডিজিটেল ডেস্কঃ পিতৃহাৰা হ’ল কাৰেণ্ড ট্ৰেণ্ড আসামৰ মুখ্য কাৰ্য্যবাহী সম্পাদক ধ্ৰৱজ্যোতি ধনন্তৰি। তেওঁৰ পিতৃ অৰুণ কলিতাৰ আজি বিয়লি ৩ বাজি ৪০ মিনিটত ইহলীলা ত্যাগ কৰে। স্বৰ্গীয় অৰুণ কলিতাৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৭ বছৰ। মৃত্যুৰ সময়ত তেওঁ সাংবাদিক পুত্ৰ, বোৱাৰী লগতে দুগৰাকী কন্যা সন্তানক ইহসংসাৰত এৰি থৈ যায়। কামৰূপ জিলাৰ কমলপুৰৰ আঠাৰা গাঁও নিৱাসী অৰুণ কলিতা বৃক্ষবন্ধু ৰূপে পৰিচিত। তেওঁৰ মৃত্যুক লৈ সমগ্ৰ কমলপুৰ অঞ্চলত শোকৰ ছাঁ পৰে। মৃত্যুৰ পূৰ্বে তেওঁ চকু আৰু দেহ দান কৰি থৈ যায়। Current Trend Assam-ৰ তৰফৰ পৰা তেখেতৰ অতনু আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ জ্ঞাপন কৰা হ’ল সমবেদনা ।