1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 8:04 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

কুৰুক্ষেত্ৰ ৰণত ব্যৱহাৰ হৈছিল পাৰমাণৱিক অস্ত্ৰ…

  • Update Time : Thursday, March 17, 2022

ডিজিটেল ডেস্কঃ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ো অতিক্ৰম কৰিছে। ১৮ দিন ধৰি চলিছিল মহাভাৰতৰ কুৰুক্ষেত্ৰৰ ৰণ। এই ১৮ দিনজোৰা ভয়াৱহ অভিজ্ঞতাৰ বৰ্ণনাৰে বেদব্যাসে লিখা কথাবোৰে আজিও গৱেষণাত নামিবলৈ বাধ্য কৰে প্ৰত্যেককে। কুৰুক্ষেত্ৰৰ সেই যুদ্ধই আধুনিক পৃথিৱীত বৰ্তমান চলিত যুদ্ধবোৰকো চেৰ পেলাই। অগণন মানুহৰ মৃত্যু, বিভিন্ন অস্ত্ৰ-শস্ত্ৰৰ ব্যৱহাৰ, বিপুল সম্পত্তিৰ বিনাশ ইত্যাদিক সাৱলীলভাৱে বেদব্যাসে দাঙি ধৰিছিল। বৰ্তমানো বেদব্যাসৰ এই বৰ্ণনাবোৰক লৈয়ে চলি আছে গৱেষণা। শেহতীয়াভাৱে এক গৱেষণাই কৰা অনুমানে কয় যে কুৰুক্ষেত্ৰ যুদ্ধত ব্যৱহাৰ হোৱা অস্ত্ৰ-শস্ত্ৰৰ ভিতৰত আছিল পাৰমাণৱিক অস্ত্ৰও।

ৰাজস্থানৰ যোধপুৰৰ কাষৰীয়া এক অঞ্চলত তেজস্ক্ৰিয় বিকিৰণৰ সন্ধান পাইছে প্ৰত্নতত্ববিদে। পিছত সেই বিস্তীৰ্ণ এলেকাটোৰ ওপৰত চলা গৱেষণাত প্ৰমাণ হয় যে এই অঞ্চলটো হৰপ্পা-মহেঞ্জদাৰো সভ্যতাৰ অন্তৰ্ভূক্ত। ইংৰাজ প্ৰত্নতত্ববিদ ডেভিড ডেভেনপৰ্টে সেই এলেকাটোৰ ওপৰত গৱেষণা চলাই পোৱা অনুমান মতে সেই এলেকাত পূৰ্বেও কোনো বৃহৎ বিস্ফোৰণ হৈছিল। এই বিস্ফোৰণ পাৰমাণৱিক বিস্ফোৰণেই বুলি ডেভেনপৰ্টে নিজা গৱেষণাত দাবী কৰিছে। এই বিষয়টোক ডেভেনপৰ্টে তেওঁৰ লিখিত আলোচনী ‘এটমিক ডেষ্ট্ৰাকশ্যন ইন ২০০০’-তো উল্লেখ কৰিছে৷

ড্যাভেনপোর্টে ১২ বছৰ জুৰি প্ৰাচীন ভাৰতীয় শাস্ত্ৰৰ লগতে মহেঞ্জোদাৰো অঞ্চলটোৰ ওপৰতো গৱেষণা কৰিছিল৷ মহেঞ্জোদাৰো নগৰীৰ ধ্বংসৰ কাৰণ তেওঁ পাৰমাণৱিক বিস্ফোৰণ বুলিয়েই দাবী কৰিছে৷ কিন্তু প্ৰশ্ন হয়, সেই যুগত কোনে কেনেকৈ এই পাৰমাণৱিক বোমাৰ আৱিষ্কাৰ কৰিছিল? মহেঞ্জোদাৰোত পোৱা ভগ্নাৱশেষৰ পৰাই এই কথা প্ৰায় পৰিস্ফুট হৈ পৰে৷ কিন্তু অন্য একাংশই এই ভগ্নাৱশেষসমূহ দ্বিতীয় বিশ্বযুদ্ধত আমেৰিকাই পেলোৱা বোমাৰ পৰাই হোৱা বুলি দাবী কৰে৷

প্ৰথম পৰমাণু বোমা নিৰ্মাতা অপেনহেইনমক তেওঁৰেই এজন ছাত্ৰই এবাৰ এটা প্ৰশ্ন কৰিছিল। সেই প্ৰশ্নত ছাত্ৰগৰাকীয়ে তেওঁক সুধিছিল, এই পাৰমাণৱিক বোমাই বিশ্বৰ প্ৰথম পাৰমাণৱিক অস্ত্ৰ নেকি? ছাত্ৰজনক উত্তৰ দিবলৈ গৈ অপেনহেইনমে কৈছিল, আধুনিক পৃথিৱীতহে এইয়া প্ৰথমটো পাৰমাণৱিক অস্ত্ৰ৷ পৰমাণু বিজ্ঞানী অপেনহেইনমে আকাৰে-ইংগিতে প্ৰকাশেই কৰিছিল যে পাৰমাণৱিক বোমাৰ ব্যৱহাৰ আধুনিক পৃথিৱীত সৃষ্টি হোৱা অস্ত্ৰ নহয়৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme