1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 1:16 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

ফ্লাই অভাৰত বাৰ্থ ডে পাৰ্টী! মঙলবাৰৰ দিনটোত অসমত সৰ্বাধিক চৰ্চিত ফটোখন…

  • Update Time : Tuesday, November 9, 2021

ডিজিটেল ডেস্কঃ খুবেই ধুনীয়া! নিৰ্মাণ হোৱা দিনাৰে পৰা দিছপুৰ ছুপাৰ মাৰ্কেট উৰণীয়া সেতুখনক লৈ ভিন্ন চৰ্চা। এগৰাকী অসমীয়া ঠিকাদাৰে ২২মাহৰ কাম ১৪মাহতে শেষ কৰাৰ পৰা আৰম্ভ কৰি সেতুখনত শেহতীয়াকৈ অসমৰ লোক-সংস্কৃতি প্ৰতিফলিত হোৱালৈকে হাজাৰ ৰকমৰ চৰ্চা ছচিয়েল মিডিয়াত। চৰ্চাৰ মাজতে দীপাৱলীৰ দিনাই মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে এই সেতুখন আৰু কলে- অসমৰ ভিতৰতে এইখন এখন লেখত লবলগীয়া উৰণীয়া সেতু।

উদ্বোধন হোৱাৰ পিছতে উৰণীয়া সেতুখনত পৰিল গুটখা-তামোলৰ পিক। সকলোতে পুনৰ চৰ্চা। একাংশ কাণ্ডজ্ঞানহীন লোকৰ এনে মানসিকতাক সকলোৱে একেমুখে গৰিহণা দিলে। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল পিক  পেলোৱা এই সেই বিশেষ ফটোকেইখন। লাহে লাহে বিষয়টো কিছু নিৰ্বাপিত হৈছিলহে, এনেতে মঙলবাৰে পুৱাৰ ভাগতে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল এই বিশেষ ফটোখন।

May be an image of 5 people and people standing

দিছপুৰ উৰণীয়া সেতুঁখনত কোনোবা এটা পৰিয়ালে উদযাপন কৰিলে জন্মদিন। পৰিয়ালটোৰ সন্দৰ্ভত কোনো তথ্যই এতিয়ালৈকে লাভ কৰা নাই যদিও ছচিয়েল মিডিয়াত এই বিষয়টোক লৈ এতিয়া ব্যাপক চৰ্চা। ধুনীয়াকৈ সজাই পৰাই তোলা সেতুখন ৰেষ্টুৰেন্ট বুলি ভুলতে এনে কাম কৰিছে বুলিও একাংশ নেটিজেনে মন্তব্য কৰিছে। ইয়াৰ মাজতে একাংশই এইবুলিও যুক্তি দৰ্শাইছে যে, নতুনকৈ নিৰ্মাণ কৰা সেতুখনত জন্মদিন বুলি সপৰিয়ালে তোলো এখন ফটোক লৈ ইমান চৰ্চা কৰি লাভ নাই।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme