1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 5:20 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

ৰাজনীতি এনেকুৱাই হ’ব লাগে… তৰুণ গগৈলৈ পদ্মভূষণ

  • Update Time : Tuesday, November 9, 2021

ডিজিটেল ডেস্কঃ সোমবাৰে মৰণোত্তৰভাৱে পদ্মভূষণ সন্মানেৰে সন্মানিত কৰা হয় অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক৷ ঘোৰ কংগ্ৰেছী আছিল প্ৰয়াত গগৈ৷ একেৰাহে ১৫ টাকৈ কাৰ্যকালৰ বাবে অসমত চৰকাৰ চলাইছিল এইগৰাকী কংগ্ৰেছ নেতাই৷ অসম আন্দোলনৰ পিছৰে পৰা অসমৰ ৰাজনীতিত একপ্ৰকাৰ অস্পৃশ্য হৈ পৰিছিল কংগ্ৰেছ দল৷ তেনে সময়ত অসমত তেতিয়াৰ প্ৰতাপী মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক গাদীচ্যুত কৰি তৰুণ গগৈৰ নেতৃত্বত দিছপুৰৰ মছনদ দখল কৰিছিল কংগ্ৰেছে৷

মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়েই হিতেশ্বৰ শইকীয়া চৰকাৰৰ দিনত কংগ্ৰেছৰ প্ৰতি অসমৰ মানুহৰ মনত যি ভাৱ সোমাই গৈছিল সেই ভাৱ নাইকিয়া কৰি সমগ্ৰ ৰাজ্যখনকে এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ সমৰ্থ হৈছিল হাঁহিমুখীয়া মানুহজনে৷ ১৫ বছৰীয়া কাৰ্যকালত বিভিন্ন ধুমুহাই কোবাই গৈছিল যদিও সেই সকলো ধুমুহাকো নেওচি অক্ষত হৈ আছিল তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰখন৷ কিন্তু ২০১৪ চনত সমগ্ৰ দেশতে আৰম্ভ হোৱা মোদী ঢৌৰ সমুখত থমকি ৰ’বলৈ বাধ্য হৈছিল তৰুণ গগৈ৷

অৱশেষত ২০১৬ চনত অন্ত পৰে গগৈৰ ১৫ বছৰীয়া কাৰ্যকালৰ৷ কাৰ্যকালৰ অন্ত পৰাৰ পিছত বিৰোধী নেতা হিচাপে বিজেপি চৰকাৰক প্ৰায়ে সমালোচনাৰে থকা-সৰকা কৰি গৈছিল তৰুণ গগৈয়ে৷ এককথাত ক’বলৈ গ’লে বিৰোধী দল দুৰ্বল হৈ পৰিলেও তৰুণ গগৈয়ে অকলেই বিধানসভাৰ ভিতৰে-বাহিৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে মাত মাতি গৈছিল৷ ৰাজ্যৰ ৰাজনীতিৰ লগতে দেশৰ ৰাজনৈতিক ক্ষেত্ৰখনতো বহু সময়ত প্ৰাসংগিক হৈ পৰা গগৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো কঠোৰ সমালোচনা কৰা দেখা গৈছিল৷

কেন্দ্ৰ আৰু ৰাজ্য উভয়তে বিজেপি চৰকাৰ থকা সত্বেও বিজেপিৰ এনে এগৰাকী দুৰ্ঘোৰ সমালোচক তথা ঘোৰ কংগ্ৰেছীক সোমবাৰে দেশৰ আগশাৰীৰ অসামৰিক সন্মান পদ্মভূষণেৰে সন্মানিত কৰাৰ পিছতে অসমৰ লগতে সমগ্ৰ দেশতে এই লৈ ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছে৷ ছ’চিয়েল মিডিয়াতো এই সম্পৰ্কত ভিন্নজনে আগবঢ়াইছে ভিন্ন মত৷ বিজেপি চৰকাৰে প্ৰয়াত তৰুণ গগৈৰ প্ৰতি এই সন্মান প্ৰদৰ্শন কৰি নিজৰ মহানুভৱতাৰ পৰিচয় দিয়া বুলিও সৰ্বত্ৰে চৰ্চা চলিছে৷

বিজেপি দলে কামকহে গুৰুত্ব দিয়ে৷ দেশৰ প্ৰগতিত অৰিহণা আগবঢ়োৱা তথা প্ৰতিজন যোগ্য ব্যক্তিকেই সন্মান দিবলৈ কোনোধৰণৰ কুণ্ঠাবোধ নকৰে বিজেপি দলে৷ সময়ে সময়ে বিজেপিৰ কেবাগৰাকী শীৰ্ষ নেতাই এইধৰণৰ মন্তব্য আগবঢ়াই অহা দেখা গৈছে৷ বিশেষকৈ চৰ্দাৰ বল্লভভাই পেটেল, গোপীনাথ বৰদলৈ, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰসংগ উত্থাপন হ’লেই বিজেপিৰ নেতাসকলৰ মুখত এই ধৰণৰ মন্তব্য শুনা যায়৷ বিজেপিৰ নেতাসকলে কৰি অহা এনে মন্তব্যৰ যে গুৰুত্ব আছে সেয়া যেন পুনৰ প্ৰমাণ কৰিলে তৰুণ গগৈক পদ্মভূষণ সন্মানেৰে সন্মানিত কৰা প্ৰসংগই৷

কিয়নো যি দলৰেই ব্যক্তি নহওক কিয় যিগৰাকী ব্যক্তিয়ে মানুহৰ হৈ কাম কৰি গৈছে, দেশক উন্নতিৰ দিশলৈ আগবঢ়াই নিবলৈ স্বাৰ্থবিহীনভাৱে কাম কৰিছে সেইগৰাকী ব্যক্তিক দল-মত-আদৰ্শৰ উৰ্ধত সন্মান জনাবই লাগিব৷ ৰাজনীতিতকৈ দেশৰ স্বাৰ্থ সদায় উৰ্ধত৷ এই নীতিকেই সাৰোগত কৰি কাম কৰি যোৱা বিজেপি চৰকাৰে সেয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দলীয় আদৰ্শ তথা ৰাজনীতিৰ বাচ-বিচাৰ নকৰি জননেতাগৰাকীক প্ৰকৃত সন্মান প্ৰদৰ্শন কৰাত এতিয়া সমগ্ৰ অসমবাসীয়ে বিজেপি চৰকাৰৰ শলাগ লোৱা পৰিলক্ষিত হৈছে৷

ৰাজনীতি সদায় এনেকুৱাই হ’ব লাগে বুলিও বহুতেই মত প্ৰকাশ কৰা দেখা গৈছে৷ যোগ্যজনক যথোচিত সন্মান প্ৰদৰ্শনৰ জৰিয়তে বিজেপি চৰকাৰে আৰম্ভ কৰা এই ইতিবাচক নীতিয়ে সমগ্ৰ দেশৰ ৰাজনীতিকেই এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা ব্যক্ত কৰিছে সচেতন মহলে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme