1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 7:12 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

কেইটা গুলী লাগি মৰিল ধৰ্ষণকাৰী বিকি আলী?

  • Update Time : Wednesday, March 16, 2022

ডিজিটেল ডেস্কঃ মহানগৰীৰ গাড়ীগাঁৱৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত বিকি আলী নিহত। আৰক্ষীৰ এনকাউণ্টাৰত নিহত হৈছে ধৰ্ষণৰ মূল অভিযুক্ত বিকি। নিহত বিকিৰ দেহত ৪টাকৈ গুলীৰ আঘাতৰ চিন থকা বুলি প্ৰকাশ কৰিছে জিএমচিএইচৰ অধীক্ষক অভিজিৎ শৰ্মাই। শৰ্মাই কয় যে বিকিৰ দেহৰ ৪ টা স্থানত আঘাতৰ চিন আছে। তিনিটা আঘাত দেহৰ পিছফালে আৰু এটা সন্মুখৰ ফালে বুলি প্ৰকাশ কৰিছে অধীক্ষকগৰাকীয়ে।

নিশা আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰাৰ বাবেই আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হোৱা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ। এই ধৰ্ষণৰ ঘটনাত জড়িত আন ৪ জন বৰ্তমানো পলাতক। কালিৰ দিনটোত ডামপুৰৰ পৰা অভিযুক্ত বিকিক আটক কৰিছিল আৰক্ষীয়ে। ইপিনে বিকিৰ মৃত্যুৰ পিছতেই পিতৃয়ে দাবী কৰিছে যে তেওঁৰ ধৰ্ষণকাৰী পুত্ৰই নিজেই আত্মসমৰ্পণ কৰিছিল বাবে পলোৱাৰ কথা আহিবই নোৱাৰে। দেশত আইন-আদালত নাইকিয়া হ’ল নেকি বুলিও প্ৰশ্ন কৰে ধৰ্ষণকাৰীটোৰ পিতৃ তথা আন আত্মীয়সকলে।

উল্লেখ্য যে পুত্ৰৰ মৃত্যুত আবেগিক পিতৃৰ ভাষ্যৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাঙি ধৰিছে নিজা মন্তব্য, ‘বিকি আলীৰ এনকাউণ্টাৰৰ খবৰটো শুনিছো। আৰক্ষীয়ে আৰক্ষীৰ কাম কৰিছে। বাকী পলাই থকা কেইটাকো আৰক্ষীয়ে ধৰিব।’ ইয়াৰোপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ধৰ্ষণকাৰীৰ কোনো ধৰ্ম নাই। হিন্দুৱেই হওক বা মুছলমান নিকৃষ্ট কাণ্ড কৰিলে এনকাউণ্টাৰ হ’বই।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme