1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 27, 2025, 1:34 pm

‘খাকী’ত ২০ গৰাকী আৰক্ষী বিষয়াই কৰিব অভিনয়? কি কি থাকিব অতনু ভূঞাৰ ‘খাকী’ত

  • Update Time : Saturday, July 26, 2025

কাৰেণ্ট ট্ৰেণ্ড অসম, মনোৰঞ্জন ডেস্কঃ গুৱাহাটী, ২৬ জুলাই, সাংবাদিকতাৰ পৰা এইবাৰ চিনে পৰিচালকৰ দায়িত্ব গ্ৰহণ কৰিব সাংবাদিক অতনু ভূঞাই। এইবাৰ অতনু ভূঞাৰ পৰিচালনাৰে নিৰ্মাণ হ’ব এখন নতুন অসমীয়া ছবি। শনিবাৰে মুকলি কৰা হয় ছবিখনৰ পোষ্টাৰ। অতনু ভূঞাৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাৰে নিৰ্মাণ হ’ব খাকী। ছবিখনত সমাহাৰ ঘটিব ২০০ৰো অধিক চৰিত্ৰৰ। অহা ১ আগষ্টৰ পৰা চিত্ৰগ্ৰহণ আৰম্ভ হ’ব ছবিখনৰ । এয়া এখন পলিটিকেল থ্ৰিলাৰ ছবি হ’ব বুলি জানিব পৰা গৈছে। ছবিখনৰ সংগীত পৰিচালনা কৰিব বলীউদৰ জনপ্ৰিয় সংগীত পৰিচালক ডেনিয়েল বি জৰ্জে। শনিবাৰে পোষ্টাৰ মুকলি অনুষ্ঠানত ছবিখন নিৰ্মাণ কৰিবলৈ লোৱাৰ আঁৰৰ কাহিনী সদৰি কৰে অতনু ভূঞাই। গুৱাহাটী বিশ্ববিদ্যালয়ত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছিল অতনু ভূঞাই কয় ‘গ্লেমাৰহীন অভিনেতাই অভিনয় কৰিব ‘খাকী’ত।’ ছবিখনৰ অধিকাংশ দৃশ্যগ্ৰহণ হ’ব তেজপুৰত। এই ছবিখনত মুখ্যমন্ত্ৰীৰ চৰিত্ৰত অভিনয় কৰিব বিশিষ্ট অভিনেতা অৰুণ নাথে। ২০ গৰাকী আৰক্ষী বিষয়াই অভিনয় কৰিব এই ছবিখনত। ছবিখনৰ প্ৰচাৰৰ দায়িত্বত থাকিব জ্যেষ্ঠ সাংস্কৃতিক সাংবাদিক শিবানু বৰা।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme