কাৰেণ্ট ট্ৰেণ্ড অসম, ডেস্ক, ২৫ জুলাইঃ ৰাজস্থানৰ ঝালাৱাৰৰ পিপলোডী গাঁৱৰ এখন চৰকাৰী বিদ্যালয়ৰ চাল ভাঙি পৰে। এই শোকাৱহ ঘটনাত ৮ গৰাকী স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে শোকৱহ মৃত্যুক সাৱটে, লগতে প্ৰায় ২৭ টা শিশু আহত। ইয়াৰে ৮টা শিশু গুৰুতৰভাৱে আহত হৈছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত প্ৰায় ৩৫টা শিশু আছিল স্কুলখনত। এই ঘটনাৰ পিছতেই শিক্ষা বিভাগে ৫গৰাকী শিক্ষকক নিলম্বন কৰিছে। আনহাতে এই কৰুণ ঘটনাৰ পিছতেই প্ৰতিবাদ সাব্যস্ত কৰিছে গাঁওবাসীয়ে লগতে চৰকাৰক ক্ষতিপূৰণৰ দাবী জনাইছে। প্ৰধানমন্ত্ৰী মোডীয়ে সামাজিক মাধ্যমৰ জৰিয়তে এই কৰুণ ঘটনাৰ শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰী মোডীৰ শোকবাৰ্তা