1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 26, 2025, 7:55 pm

একাধিক ৰাজহুৱা সভা, মন্ত্রী-বিধায়কৰে বৈঠকত উজনি অসমৰ উন্নয়ন-বিকাশৰ দিশত গুৰুত্ব প্রদান ড° হিমন্ত বিশ্ব শৰ্মাৰ

  • Update Time : Friday, July 25, 2025

কাৰেণ্ট ট্ৰেণ্ড ডেস্কঃ ২৫ জুলাই, গুৱাহাটীঃ যোৱা ২২ জুলাইত চাৰিদিনৰ বাবে কৰা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উজনি অসম ভ্রমণ কাৰ্যসূচী শুকুৰবাৰ ২৫ জুলাইত সমাৰণি পৰে। এই সময়খিনিত মুখ্যমন্ত্রীয়ে কেইবাটাও বিধান সভা সমষ্টিত উপস্থিত হৈ বিভিন্ন ৰাজহুৱা সভা তথা চৰকাৰী বৈঠকত উপস্থিত থাকে। একেদৰে উন্নয়ন আৰু বিকাশত গুৰুত্ব দিয়ে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। এই সময়ছোৱাত মুখ্যমন্ত্ৰীয়ে কৰা কেইটামান গুৰুত্বপূৰ্ণ কাৰ্যাৱলী এনেধৰণৰ-

⚫শদিয়া সম জিলাৰ অন্তৰ্গত ঐতিহাসিক বুঢ়া-বুঢ়ী শালৰ উন্নয়নৰ বাবে ৮.৭২ কোটি টকা ব্যয়সাপেক্ষ প্ৰকল্পৰ ভূমি পূজন।

মাকুম বাইপাছত অসম গেছ কোম্পানী লিমিটেডৰ দ্বাৰা পৰিচালিত প্ৰথমটো শক্তি কেন্দ্র মুখ্যমন্ত্রীয়ে উদ্বোধন।

ডিব্ৰুগড়স্থিত মুখ্যমন্ত্ৰীৰ সচিবালয়ত সোণাৰী বিধান সভা সমষ্টিৰ বিভিন্ন কল্যাণমূলক আঁচনি আৰু কামসমূহৰ পৰ্যালোচনা।

লখিমপুৰৰ নাওবৈচা বিধান সভা সমষ্টিৰ বিভিন্ন উন্নয়নমূলক আঁচনি তথা পদক্ষেপৰ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা

⚫টিংখাং বিধান সভা সমষ্টিৰ উন্নয়নমূলক কাম-কাজসমূহৰ পৰ্যালোচনা।

⚫সোণাৰীত ৮০০খন আসনযুক্ত আধুনিক প্রেক্ষাগৃহ নিৰ্মাণ, এফ চি আই গুদামঘৰ স্থাপন।

⚫ডিব্ৰুগড়ত অনুষ্ঠিত অসম কেবিনেট বৈঠকত অধ্যক্ষতা।

⚫ডিব্ৰুগড় মহাবিদ্যালয় আৰু অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ বিভিন্ন আন্তঃগাঁথনিৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন।

⚫নাহৰকটীয়াত সম-জিলা কার্যালয়, উৎকর্ষ কেন্দ্র, টাটা স্ট্রাইভ, হকী ষ্টেডিয়াম আদি বহু কল্যাণমূলক প্ৰকল্পৰ শিলান্যাস।

⚫ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ১৪৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া আধুনিক গৱেষণা, বিদ্যায়তনিক আৰু ক্রীড়া অনুশীলনৰ সুবিধাসম্পন্ন প্রকল্পসমূহৰ শিলান্যাস।

⚫ ১৪৬.৪৩ কোটি টকা ব্যয় সাপেক্ষে মুখ্যমন্ত্ৰীৰ বিশেষ অনুদান আৰু পি এম ঊষা আঁচনিৰ অধীনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিভিন্ন আন্তঃগাঁথনিমূলক কাম-কাজৰ আধাৰশিলা স্থাপন।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme