1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 5:28 pm
Trending:
চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting

মহিলাৰ সৈতে অবৈধ সম্পৰ্ক, হত্যাৰ দৰে অপৰাধ কৰিও জেলতে পঢ়া শুনা কৰি অপৰাধী হ’লগৈ এতিয়া ডাক্তৰ…

  • Update Time : Monday, March 14, 2022

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম বিশেষকৈ ছ’চিয়েল মিডিয়াত দুটা খবৰে বিশেষ চৰ্চা লাভ কৰিছে। ইয়াৰে এটা খবৰ কৰ্ণাটকৰ। হত্যাৰ অপৰাধত অভিযুক্ত এগৰাকী ব্যক্তি চৰ্চালৈ অহাৰ কাৰণটো জানিলে আপুনিও আচৰিত হ’ব। কৰ্ণাটকৰ সুভাষ পাটিল নামৰ এই লোকজনক ২০০২ চনতে হত্যাৰ এক গোচৰত গ্ৰেপ্তাৰ কৰিছিল বাংগালুৰু আৰক্ষীয়ে।

বৰ্তমান ৪০ বছৰীয়া এই ব্যক্তিগৰাকী সেই সময়ত আছিল চফল ডেকা। কৰ্ণাটকৰ গোলবাৰ্গাৰ মহাদেৱ ৰামপুৰ মেডিকেল কলেজৰ ছাত্ৰ আছিল সুভাষ পাটিল। এমবিবিএছ পাঠ্যক্ৰমৰ তৃতীয় বৰ্ষৰ ছাত্ৰ আছিল তেওঁ। সেই সময়তে চিকিৎসা বিজ্ঞানৰ এই ছাত্ৰগৰাকীক এগৰাকী আবকাৰী বিষয়াৰ হত্যাকাণ্ডত আটক কৰিছিল বাংগালুৰু আৰক্ষীয়ে। হত্যাকাণ্ডৰ তদন্তৰ শেষত পোহৰলৈ আহিল যে, আবকাৰী বিষয়াগৰাকীৰ পত্নীৰ সৈতে থকা অবৈধ সম্পৰ্কৰ বাবেই পত্নী আৰু সুভাষে মিলি হত্যা কৰিছিল বিষয়াগৰাকীক।

পঢ়াৰ ক্ষেত্ৰত মেধাৱী সুভাষৰ এই কৰ্মকাণ্ডৰ পিছতে পৰিয়াল তথা বন্ধু বৰ্গইয়ো তেওঁক সহযোগিতা আগবঢ়োৱা নাছিল। ২০০৬ চনৰ ১৫ ফেব্ৰুৱাৰীত হত্যা কৰা আবকাৰী বিষয়াগৰাকীৰ পত্নীৰ সৈতে সুভাষকো যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছিল। শাস্তিৰ ম্যাদ হ্ৰাস কৰিবৰ বাবে তেওঁলোকে উচ্চতম ন্যায়ালয়তো আবেদন জনাইছিল যদিও ন্যায়ালয়ে খাৰিজ তেওঁলোকৰ আবেদন। আৰু এনেকৈয়ে এসময়ত চিকিৎসক হোৱাৰ স্বপ্ন ভংগ হৈছিল সুভাষৰ।

একাডেমীক শিক্ষাৰ নিঃশেষ হোৱা বুলি উমান পাইয়ো সুভাষে নিজে কৰা ভুলৰ বাবে যথেষ্ট অনুতপ্ত হৈছিল। মানুহৰ প্ৰাণ বচাবলৈ তেওঁ যি বৃত্তি বাচি লৈছিল তাৰ বিপৰীতে কৰা তেওঁৰ কামৰ বাবে তেওঁ যথেষ্ট মনোকষ্ট পাইছিল। নিজকে সংশোধন কৰাৰ পণ ল’লে সুভাষে। কাৰাগাৰত থাকি ২০০৭ চনত সাংবাদিকতাৰ ডিপ্লমাৰ লগতে ২০১০ত কৰ্ণাটক মুক্ত ৰাজ্যিক বিশ্ববিদ্যালয়ৰ পৰা সাংবাদিকতাৰ ডিগ্ৰীও লাভ কৰিলে।

ইমানতে ক্ষান্ত নাথাকিল সুভাষ। যি দুখন হাতেৰে এজন লোকৰ প্ৰাণ লৈছিল, সেই দুখন হাতেৰে অসংখ্যজনক সুস্থ কৰাৰ প্ৰতিশ্ৰুতি ল’লে সুভাষে। কাৰাগাৰত চিকিৎসাৰ বাবে নিয়োজিত চিকিৎসকক চিকিৎসাৰ কামত সহায় কৰাৰ কাম আৰম্ভ কৰিলে সুভাষে। ২০০৮ চনত যক্ষ্মা ৰোগত আক্ৰান্ত ৰোগীক কৰা চিকিৎসাৰ বাবে স্বাস্থ্য বিভাগে তেওঁক বিশেষভাৱে সন্মানিত কৰিলে।

সুভাষৰ আত্ম সংশোধন আৰু সমাজৰ প্ৰতি দায়বদ্ধতা দেখি কাৰাগাৰৰ কৰ্তৃপক্ষ আৰু আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তিৰ ম্যাদ কিছু হ্ৰাস কৰিলে। আদালত তথা কাৰাগাৰৰ বিভিন্ন প্ৰক্ৰিয়া সমাপন কৰি ২০১৬ চনত মুকলি আকাশৰ তললৈ আহিল সুভাষ পাটিল। চিকিৎসক হ’বলৈ মনত থকা প্ৰৱল ইচ্ছা শক্তিৰ বাবে কাৰামুক্ত হৈ ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি অৱ হেলথ চায়েন্সত পুনৰ এমবিবিএছ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিবৰ বাবে অনুমতি বিচাৰিলে।

আদালতৰ ৰায় গ্ৰহণ কৰাৰ পিছত এমবিবিএছ পাঠ্যক্ৰমৰ বাবে সুভাষক ৰাজীৱ গান্দী বিশ্ববিদ্যালয়ে এমবিবিএছ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিবলৈ অনুমতি দিলে। ২০১৯ বৰ্ষত এমবিবিএছ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিলে ১৪ বছৰ কাৰাবন্দী সুভাষ পাটিলে। বৰ্তমান সুভাষ কৰ্ণাটকৰ কালবুৰ্গীৰ এখন চৰকাৰী চিকিৎসালয়ত কৰ্মৰত। নিজৰ অতীতৰ ভুল শুধৰণিৰ বাবে প্ৰতিদিনে নিজৰ কৰ্তব্য নিষ্ঠা সহকাৰে পালন কৰে সুভাষে।

শেহতীয়াকৈ সংবাদমাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত সুভাষে ক’লে , ‘অতীতৰ সেই ভুলৰ বাবে মই আজি অনুতপ্ত। কিন্তু মই প্ৰতিশ্ৰুতি দিছো। যি দুখন হাতেৰে এজন মানুহৰ প্ৰাণ লৈছিলো, সেই দুখন হাতেৰে মই হাজাৰ জনক জীৱন দান দিম।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme