1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 24, 2025, 2:19 am

কংগ্ৰেছত ‘মেডামে’ই মেইন…

  • Update Time : Sunday, March 13, 2022

ডিজিটেল ডেস্কঃ সকলোৱে ভৱা মতেই হল। সলনি একো নহল। অৱশেষত ৰিজাল্ট ওলাল, গান্ধীৰ পৰিয়ালেই থাকিব কংগ্ৰেছৰ সবোচ্ছ পদবীত। প্ৰতিবাৰেই পদত্যাগৰ কথা ওলায় যদিও অৱশেষত গৈ ফল একেই হয়। এইবাৰো তাৰ ব্যতিক্ৰম নহল।

নতুন দিল্লীত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ ৫ ঘন্টীয়া মন্থন বৈঠকৰ অন্ত পৰাৰ লগে লগে সাধাৰণ সম্পাদক কে চি বেনুগোপাল আৰু ৰণদ্বীপ সিং সুয্যৱালাই এক  সংবাদমেল সম্বোধন কৰি কয় যে, ছোনিয়া গান্ধীৰ নেতৃত্বৰ প্ৰতি সম্পুৰ্ণ আস্থা আছে কংগ্ৰেছৰ।  ছোনিয়া গান্ধীক সন্মুখৰ পৰা সবল ভাৱে নেতৃত্ব লোৱাৰ বাবে আহ্বান জনায় কংগ্ৰেছ ৱৰ্কিং কমিটিয়ে।

সংবাদমেলত লগতে প্ৰকাশ কৰে যে,   ৫ ৰাজ্যৰ পৰাজয়ক অতি গম্ভীৰ হিচাপে গ্ৰহণ কৰিছে কংগ্ৰেছে।  পঞ্জাৱৰ পৰাজয় প্ৰতিষ্ঠান বিৰোধী ঢৌ আৰু নতুন নেতৃত্বৰ হাতত নিৰ্বাচনী দায়িত্ব দিয়াৰ ফল বুলি  কংগ্ৰেছে গণ্য কৰিছে। ২০২৪ৰ আহিবলগীয়া নিৰ্বাচনক লৈ বিশেষ ৰণকৌশল তৈয়াৰ কৰিব কংগ্ৰেছে।

উল্লেখ্য যে, কংগ্ৰেছৰ এই ৱৰ্কিং কমিটিতে ছোনিয়া গান্ধীৰ লগতে ৰাহুল প্ৰিয়ংকাইও নিজৰ পদবী এৰাৰ সম্ভাৱনা আছিল। কিন্তু অৱশেষত সেয়া নহল।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme