ডিজিটেল ডেস্কঃ দেওবাৰে কংগ্ৰেছৰ শীৰ্ষনেতাসকলৰ উপস্থিতিত ছোনিয়া গান্ধীৰ অধ্যক্ষতাত দিল্লীত চিডব্লিউচিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুস্থিত হয়৷ ৫ ৰাজ্যৰ পৰাজয়কলৈ অনুষ্ঠিত কৰা হয় এই বৈঠক৷ এই বৈঠকত কংগ্ৰেছৰ শীৰ্ষ নেতাসকলে বিভিন্ন মত প্ৰকাশ কৰে৷ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মল্লিকাৰ্জুন খাৰ্গে বিধানসভা নিৰ্বাচনত দলৰ পৰাজয়ক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰাৰ লগতে আশা কৰে যে, কংগ্ৰেছে অতি শীঘ্ৰে কংগ্ৰেছে ৰাইজৰ মনত বিশ্বাস যোগাই তুলিব আৰু পূৰ্বৰ পৰ্যায়লৈকে ঘূৰি আহিব৷
বৈঠকত উপস্থিত থকা কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গেয়ে কয়, কংগ্ৰেছৰ সংসদীয় ৰণনীতি গোটৰ বৈঠক সমাপ্ত হৈছে। ইয়াৰ লগতে বিৰোধী দলসমূহৰ সৈতে একলগ হৈ ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়, নিবনুৱা, এমএছপি আৰু অন্যান্য বিষয়সমূহো উত্থাপন কৰা হয় এই বৈঠকত। চিডব্লিউচিৰ এই বৈঠকত কংগ্ৰেছৰ জেষ্ঠ নেতা মল্লিকাৰ্জুন খাৰ্গে, অধীৰ ৰঞ্জন চৌধুৰী, এ কে এণ্টনী, ৰাহুল গান্ধী, জয়ৰাম ৰমেশ, আনন্দ শৰ্মা আৰু কে সুৰেশ আৰু মনীষ তিৱাৰীৰ দলৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে। কংগ্ৰেছ দলটোৱে বিধানসভা নিৰ্বাচনত পৰাজয় কৰাৰ পিছত গান্ধী পৰিয়ালৰ সদস্যসকলে সকলো সাংগঠনিক পদৰ পৰা পদত্যাগ কৰিব বুলি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল৷ কিন্তু দেওবাৰৰ এই বৈঠকত গান্ধী পৰিয়ালটোৱে এই কথা অস্বীকাৰ কৰে।
কংগ্ৰেছ যুৱ শাখাৰ সভাপতি শ্ৰীনিবাস বি.ভি. য়ে আজিৰ এই বৈঠকৰ পূৰ্বে গান্ধী পৰিয়ালৰ নেতৃত্বৰ ওপৰত আস্থা প্ৰকাশ কৰি কয় যে, পৰিয়ালটোৱে কেৱল দল নহয়, পৰিয়ালটো এডাল সূতা হে, যি দেশৰ সকলো শ্ৰেণীৰ লোকক এডাল মালাত বান্ধি ৰাখে, যাৰ অস্তিত্ব কোনো নিৰ্বাচনী জয়-পৰাজয়ৰ ওপৰত নিৰ্ভৰ নকৰে। ইয়াৰোপৰি তেখেতে কয় যে “দেশৰ অখণ্ডতাৰ বাবে সকলো ত্যাগ কৰা এই পৰিয়ালটোক মচি পেলাবলৈ বহুতো ষড়যন্ত্ৰ কৰা হৈছে, কিন্তু কেতিয়াও সফল হোৱা নাই৷’’ আজিৰ এই সভাত কংগ্ৰেছৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ লগতে তিনিজন শীৰ্ষনেতা উপস্থিত নাথাকে৷