ডিজিটেল ডেস্কঃ পেট্ৰল-ডিজেলৰ অভাৱনীয় মূল্যবৃদ্ধিৰ পৰা কিছু সকাহ প্ৰদান কৰি কিছুদিনৰ পূৰ্বে কেন্দ্ৰৰ লগতে বিজেপি শাসিত কেইবাখনো ৰাজ্যই হ্ৰাস কৰিছিল ইন্ধনৰ ওপৰত আৰোপ কৰা ভেট। ইয়াৰ লগতে অসমকে ধৰি বহুকেইখন ৰাজ্যত হ্ৰাস পাইছিল পেট্ৰল-ডিজেলৰ মূল্য। কিন্তু লক্ষ্যণীয়ভাৱে দেশৰ বিৰোধী শাসিত কেইবাখনো ৰাজ্যত কমা নাই পেট্ৰল-ডিজেলৰ মূল্য।
পেট্ৰল-ডিজেলৰ ওপৰত ভেট হ্ৰাস কৰা ৰাজ্যবোৰ আছিল- গুজৰাট, উত্তৰ প্ৰদেশ, কৰ্ণাটক, ত্ৰিপুৰা, গোৱা, উত্তৰাখণ্ড, মণিপুৰ, অসম,বিহাৰ, হাৰিয়ানাকে ধৰি কেইবাখনো ৰাজ্য। ভেট হ্ৰাস কৰা অধিকাংশ দেশেই আছিল বিজেপি শাসিত ৰাজ্য। কিন্তু ইয়াৰ বিপৰীতে যোৱা সপ্তাহত পেট্ৰলিয়াম মন্ত্ৰালয়ে সদৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ আছে যে, দেশৰ প্ৰায় ১৩খন ৰাজ্যৰ চৰকাৰে হ্ৰাস কৰা নাই পেট্ৰল-ডিজেলৰ ওপৰত আৰোপ কৰাৰ অতিৰিক্ত ভেট।
লক্ষ্যণীয়ভাৱে এই ১৩খন ৰাজ্যই হৈছে বৰ্তমানৰ বিৰোধী দল শাসিত ৰাজ্য। এই প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা ৰাজ্যকেইখন হৈছে- মহাৰাষ্ট্ৰ, দিল্লী, পশ্চিম বংগ, তামিলনাডু, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, কেৰালা, মেঘালয়, আণ্ডামান-নিকোবৰ, ঝাৰখণ্ড, উৰিষ্যা, চত্তীশগড় আৰু ৰাজস্থান। এই ১৩খন ৰাজ্যই হৈছে কংগ্ৰেছ, শিৱসেনা তথা অন্যান্য বিৰোধী দলৰ চৰকাৰ থকা ৰাজ্য।
বিৰোধী দলে শাসন কৰা এই ৰাজ্যত কিয় হ্ৰাস কৰা নাই পেট্ৰল-ডিজেলৰ মূল্য? এই প্ৰশ্নও উত্তৰ দিছে বিৰোধী দলৰ নেতাসকলে। তেওঁলোকৰ মতে, কেইবাখনো ৰাজ্যৰ উপ নিৰ্বাচনৰ ফলাফলৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিজেপিয়ে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে। বিজেপিৰ এই সিদ্ধান্তৰ আঁৰত জন কল্যাণতকৈ দলৰ স্বাৰ্থহে বেছি জড়িত বুলি অভিযোগ আনিছে বিৰোধীয়ে।