1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 24, 2025, 1:31 am

বুঢ়া হ’লে হৈ থাকিব নোৱাৰিব গাওঁবুঢ়া! অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত…

  • Update Time : Saturday, March 12, 2022

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আন এক ডাঙৰ সিদ্ধান্ত। এইবাৰ চৰকাৰে ৰাজ্যৰ গাওঁসমূহৰ গাওঁবুঢ়া সকলৰ বয়সৰ উৰ্ধসীমা নিৰ্ধাৰণ কৰিছে। ৰাজপত্ৰৰ দ্বাৰা ঘোষণা কৰা বিধি অনুসৰি ৰাজ্যৰ ২৬৩৪৯খন ৰাজহ গাওঁত বৰ্তমানলৈকে গাওঁবুঢ়া হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা এই গাওঁপ্ৰধানসকলৰ বয়সৰ সৰ্বোচ্ছ সীমা হ’ব লাগিব ৬৫বছৰ। অৰ্থাত ৬৫বছৰ বয়সৰ ওপৰৰ কোনো লোকে গাৱঁত গাওঁবুঢ়া হিচাপে কাৰ্যনিৰ্বাহ কৰিব নোৱাৰিব।

উল্লেখ কৰা প্ৰয়োজন যে, পূৰ্বে বয়জ্যেষ্ঠ আৰু গাঁওখনৰ প্ৰভাৱশালী পূৰ্বৰ গাওঁবুঢ়াৰ অৰ্হতাসম্পন্ন পুত্ৰক সেই দায়িত্ব অৰ্পন কৰাই পৰম্পৰা বৰ্তি আছিল। কিন্তু বিজেপিয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত গাওঁখনৰ উন্নয়নৰ পৰা আইন শৃংখলালৈ সকলো দিশত প্ৰত্যক্ষভাৱে গাওঁবুঢ়াক জড়িত কৰিব পৰা হয় তাৰবাবে চৰকাৰী বৃত্তিৰ দৰেই গাওঁবুঢ়া হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ ক্ষেত্ৰত বয়সৰ সৰ্বোচ্ছ সীমা ৬৫বছৰ নিৰ্ধাৰণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই নিৰ্দেশনা জাৰি কৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme