1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 24, 2025, 1:32 am

ভাৰতৰ মঠ-মন্দিৰত জমা হৈ থকা সোণেৰে দেশৰ সকলো লোকে ২ বছৰৰ বিনামূলীয়া খাদ্যৰ লগতে ৫০০বছৰ বিনামূলীয়াকৈ ভৰাব পাৰিব পেট্ৰল-ডিজেল…

  • Update Time : Saturday, March 12, 2022

ডিজিটেল ডেস্কঃ এক প্ৰতিবেদনৰ তথ্য অনুসৰি দেশৰ মঠ-মন্দিৰ সমূহত বৰ্তমান জমা হৈ থকা সোণৰ পৰিমাণ হৈছে ২০ লাখ টন। আপুনি ভাৱি আচৰিত হ’ব যে, এই সোণখিনিৰ বজাৰ মূল্য হৈছে প্ৰায় ৫০ লাখ কোটি টকা। দেশৰ মঠ-মন্দিৰত জমা হৈ থকা এই বিশাল সোণৰ ভাণ্ডাৰে কি কি কৰিব পৰা যায় কল্পনা কৰকচোন। এক সংস্থাই প্ৰস্তুত কৰা এখন প্ৰতিবেদনত প্ৰকাশ পাইছে যে, মন্দিৰত জমা হৈ থকা এই সোণেৰে সমগ্ৰ দেশে ৫০০ বছৰ বিনামূলীয়াকৈ বাহনত ভৰাব পাৰিব পেট্ৰ’ল। কেৱল এয়াই নহয় এই ধনৰাশিয়ে ভাৰতৰ সকলো ৰেলযাত্ৰীয়ে ১০০ বছৰো অধিক কাল ৰেল যাত্ৰা কৰাৰ লগতে সম্পূৰ্ণ দেশৰ লোকে ২ বছৰৰ খাদ্য বিনামূলীয়াকৈ খাব পাৰিব।

জানি থোৱা ভাল যে, আমাৰ দেশত এনে কেইটামান মন্দিৰ আছে যে যিকেইটা মন্দিৰৰ মুঠ সম্পত্তিৰ পৰিমাণ দেশৰ সবাতোকৈ ধনী ব্যক্তি মুকেশ আম্বানীৰ সম্পত্তিৰ পৰিমাণতকৈ বেছি। ভাৰতৰ সবাতোকৈ ধনী মন্দিৰৰ তালিকাত শীৰ্ষত আছে তিৰুৱন্তপুৰমৰ পদ্মনাথস্বামী মন্দিৰ। এই মন্দিৰটো কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বৰ ধনী মন্দিৰসমূহত ভিতৰত এটা। এই মন্দিৰটো দ্ৰাবিড় শৈলী বাস্তুকলা আধাৰত নিৰ্মাণ কৰা হৈছে। এই মন্দিৰটো ভগৱান বিষ্ণুৰ ওপৰত সমৰ্পিত। কিছুদিনৰ পূৰ্বে এই মন্দিৰত থকা এটা কোঠাৰ পৰা উদ্ধাৰ কৰা হৈছে বৃহৎ পৰিমাণৰ সোণ-ৰূপৰ আ-অলংকাৰ। অনুমান কৰা হৈছে যে এই মন্দিৰৰ মুঠ সম্পত্তিৰ মূল্য হৈছে প্ৰায় ১ আৰৱ ডলাৰ।

ধনী মন্দিৰৰ তালিকাত তিৰুপতি মন্দিৰ ভাৰতৰ অন্যতম হিন্দু তীৰ্থ। চেন্নাইৰ পৰা প্ৰায় ১০৮ কিল’মিটাৰ উত্তৰ-পশ্চিমত, পালক’ণ্ডা (ইংৰাজী: Palkonda) পাৰ্বত্যাঞ্চলত তিৰুপতি মন্দিৰ অৱস্থিত। তিৰুপতিক হিন্দু দেৱতা ভেংকটেশ্বৰৰ আবাসভূমি বুলি জনা যায়। তেলেগু ভাষাত ‘তিৰু’ৰ অৰ্থ শ্ৰী বা লক্ষ্মী আৰু ‘পতি’ৰ অৰ্থ স্বামী; অৰ্থাৎ লক্ষ্মীৰ পতি বিষ্ণু। ইয়াত বিষ্ণুক ভেংকটেশ্বৰ বা বালাজী নামেৰে সম্বোধন আৰু পূজা কৰা হয়। মানুহৰ মুখত তিৰুপতি নামেৰে প্ৰচলিত হ’লেও ই তিৰুমালা-তিৰুপতি দেৱস্থানম নামে প্ৰখ্যাত। কোটি টকাৰ সা-সম্পত্তিৰ উপৰিও এই বিখ্যাত মন্দিৰটোত আছে প্ৰায় ৫২ টন সোণ, যাৰ বজাৰ মূল্য ৩৭,০০০ হাজাৰ কোটি টকা।

ধনী মন্দিৰৰ তালিকাত আছে জম্মু-কাশ্মীৰৰ বৈষ্ণদেৱী মন্দিৰ। তিৰুপতিৰ পাছতে সৰ্বাধিক ভক্তই দৰ্শন কৰা মন্দিৰটোৱেই হৈছে বৈষ্ণদেৱী মন্দিৰ। সাগৰপৃষ্ঠৰ পৰা প্ৰায় ৫,২০০ ফুট উচ্চতাত অৱস্থিত মন্দিৰটোৰ বাৰ্ষিক আয় হৈছে প্ৰায় ৫০০ কোটি টকা। উল্লেখ্য যে, ২০১৯ বৰ্ষত দেশৰ সকলোতকৈ পৰিষ্কাৰ তীৰ্থস্থানৰ ভিতৰত এই মন্দিৰে দখল কৰিছিল তৃতীয় স্থান।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme