1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 18, 2025, 3:13 pm
Trending:
আপোনাৰো স্মাৰ্টফোনত লগাতকৈ বেছি এপ আছে নেকি তেন্তে হওঁক সাৱধান অন্যথা বিপদত পৰিব আপুনি ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা মহাকাশৰ পৰা পৃথিৱীলৈ সুকলমে উভটি আহিল। এই অভিযানত ইছৰোৱে কোটি কোটি টকা ব্যয় কৰিছে। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে ইয়াৰ বাবে মহাকাশচাৰী শুভাংশু শুক্লাই কিমান পালে ধন? প্ৰতিকূল বতৰৰ মাজকো অব্যাহত অমৰনাথ যাত্ৰা, দৰ্শনাৰ্থীসকলৰ বাবে প্ৰশাসনৰ তৰফৰ জাৰি বিশেষ সতৰ্কবাণী আপুনি বাৰু জানেনে পৃথিৱীত এনে কিছুমান ঠাই আছে যিসমূহ পৰ্যটকৰ বাবে সম্পূৰ্ণ নিষিদ্ধ, জানি লওঁক সবিশেষ কংগ্ৰেছত SPY কোন? কংগ্ৰেছৰ ভিতৰৰ অতি গোপন খবৰ কিদৰে লাভ কৰে CM হিমন্তই? Acesse Sua Conta E A Tela De Registro Site Oficial De Cassino Online Electronic Apostas No Brasil Pinco yeni adresi və güncel giriş linki. Sayta məhdudiyyətsiz daxil olmaq üçün aktiv keçidi öyrənin, hesabınıza giriş edərək oyunlarınıza davam edin. Site Oficial De Cassino Online Electronic Apostas No Brasil Acesse Sua Conta E A Tela De Registro

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা মহাকাশৰ পৰা পৃথিৱীলৈ সুকলমে উভটি আহিল। এই অভিযানত ইছৰোৱে কোটি কোটি টকা ব্যয় কৰিছে। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে ইয়াৰ বাবে মহাকাশচাৰী শুভাংশু শুক্লাই কিমান পালে ধন?

  • Update Time : Thursday, July 17, 2025

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা আৰু তেওঁৰ দল পৃথিৱীলৈ উভতি আহিছে। শুভাংশুৱে ইতিহাসৰ সৃষ্টি কৰিছে। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ গৈ তাত গৱেষণা কৰি ১৮ দিন কটায় প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হৈছে শুভাংশু। এক্সিয়াম-৪ অভিযানৰ অধীনত তেওঁৰ এই যাত্ৰা তেওঁৰ বাবে বিশেষ হোৱাই নহয়, ভাৰতৰ আগন্তুক মহাকাশ অভিযানৰ বাবেও এক সুযোগ কঢ়িয়াই আনিছে। এই সমগ্ৰ অভিযানত প্ৰায় ৫৪৮ কোটি টকা ব্যয় কৰা হৈছে। এনে পৰিস্থিতিত সকলোৰে মনত এটা প্ৰশ্ন উত্থাপন হৈছে যে এই অভিযানৰ বাবে শুভাংশু শুক্লাই কিমান দৰমহা পালে?

শুভাংশ শুক্লাৰ দৰমহাঃ

আশ্চৰ্যজনক কথাটো হ’ল ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্তেইন আৰু ২০০০ ঘণ্টাৰ উৰণৰ অভিজ্ঞতা থকা শুভাংশুৱে এই অভিযানৰ বাবে এটকাও নাপালে। ইছৰ’, নাছা, এক্সিয়ামেও কোনো প্ৰত্যক্ষ ধন পৰিশোধ কৰা নাছিল। আচলতে এই অভিযান তেওঁৰ বাবে অভিজ্ঞতা আহৰণৰ এক মাধ্যম আছিল যাতে আগন্তুক গগণিয়ান অভিযানত ইয়াক ব্যৱহাৰ কৰিব পৰা যায়, কিন্তু ইছৰ’ৱে তেওঁৰ প্ৰশিক্ষণ, গৱেষণা আৰু সমগ্ৰ যাত্ৰাত ৫৪৮ কোটি টকা খৰচ কৰিছিল। অৰ্থাৎ নিজস্বকৈ দৰমহা লাভ কৰা নাই শুভাংশুয়ে।

ভাৰতীয় বায়ুসেনাৰ পাইলটৰ দৰমহাঃ

শুভাংশু ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্তেইন আৰু এই পদবীৰ দৰমহা সাধাৰণতে বছৰি ৩০ৰ পৰা ৪৬ লাখ টকাৰ ভিতৰত থাকে। ইয়াৰ ভিতৰত বেচিক পে, গ্ৰেড পে, ডি এ (ডিয়ৰনেছ এলাৱেন্স) আৰু অন্যান্য সুবিধাও আছে যদিও মহাকাশ অভিযানৰ বাবে তেওঁক কোনো পৃথক বোনাছ বা দৰমহা দিয়া হোৱা নাছিল। আনহাতে নাছাৰ মহাকাশচাৰীয়ে বছৰি ১.৩৫ কোটি টকা পৰ্যন্ত লাভ কৰে।

যদিও শুভাংশুৱে দৰমহা নাপালে, তেওঁ নিশ্চিতভাৱে অভিজ্ঞতা পালে। তেওঁ আই এছ এছৰ ওপৰত ৭টা বৈজ্ঞানিক পৰীক্ষা চলাইছিল, যাৰ ফলত গগনিয়ান মিছনৰ (২০২৭ চনত হ’বলগীয়া) বাট মুকলি হ’ব। তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু সাহসে মহাকাশত ভাৰতক এক নতুন পৰিচয় দিছে। শুভাংশু শুক্লাৰ কাহিনীয়ে কয় যে ধনতকৈ দেশৰ নাম আৰু অভিজ্ঞতাই অধিক মূল্যৱান।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme