ডিজিটেল ডেস্কঃ বহু জল্পনা কল্পনাৰ অন্তত পৌৰসভা নিৰ্বাচনৰ ফলাফল ঘোষিত হ’ল। ৯৭০ খন আসনৰ ভিতৰত ৯২০খনৰ বাবে প্ৰতিদন্দিতা হৈছিল। প্ৰতিদন্দিতাত বিজেপিয়ে ৭৪৫ খন আসনেৰে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। বিজেপি দলে নিৰ্বাচনৰ পূৰ্বেই ৰাজ্যৰ পৌৰসভা নিৰ্বাচনত বিৰোধী শূণ্য হ’ব বুলি প্ৰকাশ কৰিছিল যদিও বিৰোধীৰ সংখ্যাও কিন্তু নুই কৰিব নোৱাৰি। প্ৰধান বিৰোধী কংগ্ৰেছ দলে ৮০ খন আসন, নিৰ্দলীয়ই ১০০ খন আসন লাভ কৰাৰ বিপৰীতে আপ অসমেও প্ৰথমবাৰৰ বাবে অসমত নিজা স্থিতি স্পষ্ট কৰি ২খন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছে।
ইফালে কংগ্ৰেছ দলেও সংবাদমেল অনুষ্ঠিত কৰি বিজয়ী প্ৰাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰাৰ লগতে অসমত বিজেপিয়ে বিৰোধী শূণ্য হোৱা বুলি দিয়া মন্তব্যৰো জৱাব দাঙি ধৰিছে। বিজয়ৰ পিছতেই বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাইয়ো সংবাদমেল অনুষ্ঠিত কৰি বিপুল ভোটত জয়লাভ কৰা সকলো প্ৰাৰ্থীকে অভিনন্দন জ্ঞাপন কৰাৰ লগতে দায়িত্ববোধৰ কথাও সোঁৱৰাই দিছে। ইফালে ভৱেশ কলিতাই সংবাদমেলৰ মাজতে কয় যে শিৱসাগৰৰ ফলাফলক লৈ বিজেপিৰ কৰ্মকৰ্তা অত্যন্ত সুখী। ৰাইজে বুজিছেই, শিৱসাগৰ পৌৰসভাৰ ১৪ টা ৱাৰ্ডৰ ভিতৰত ১০টা ৱাৰ্ডত বিজেপি আৰু ২টা ৱাৰ্ডত জয়ী হৈছে অসম গণ পৰিষদৰ প্ৰাৰ্থী। মিত্ৰজোঁটে ১২ টা ৱাৰ্ড দখল কৰাৰ বিপৰীতে নতুনকৈ পৌৰসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ৰাইজৰ দলে মাত্ৰ ২টা ৱাৰ্ডহে দখল কৰে। শিৱসাগৰ বিধানসভা সমষ্টি দখল কৰাৰ পিছত পৌৰসভা দখলৰ লক্ষ্যৰে অখিল গগৈৰ নেতৃত্বত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছিল যদিও ১ আৰু ২ নং ৱাৰ্ডহে লাভ কৰিবলৈ সক্ষম হয়।