জ্যোতিষ শাস্ত্ৰত ৰত্ন, আঙঠি আদিয়ে গ্ৰহবোৰক শক্তিশালী কৰে বুলি কোৱা হয়। ইয়াৰ ভিতৰত ৰূপৰ আঙুঠি এটাও আছে, যাৰ বহু উপকাৰ আছে। ৫ ৰাশিৰ লোকৰ বাবে ৰূপৰ আঙুঠি পিন্ধিলে অপৰিসীম ধন-সম্পত্তি, মানসিক শান্তি, সৌন্দৰ্য পোৱা যায়।
ৰূপৰ আঙুঠিৰ উপকাৰ : জ্যোতিষল শাস্ত্ৰত ৰূপৰ সম্পৰ্ক আছে ধন-সম্পত্তি, বিলাসীতা, প্ৰেম আৰু সৌন্দৰ্য্যৰ কাৰক শুক্ৰ আৰু মনৰ কাৰক চন্দ্ৰৰ সৈতে। ৰূপ পিন্ধিলে এই দুয়োটা গ্ৰহ শক্তিশালী হয়। ইয়াৰ ফলত ব্যক্তিজনৰ জীৱনত ধন-সম্পত্তি, মানসিক শান্তি, সৌন্দৰ্য্য আৰু প্ৰেম বৃদ্ধি পায়।
শনি দোষৰ পৰা সকাহ-
ৰূপৰ আঙুঠি পিন্ধিলে শনিৰ নেতিবাচক প্ৰভাৱৰ পৰাও সকাহ পোৱা যায়। ইয়াৰ উপৰিও বুধ আৰু শুক্ৰ গ্ৰহৰ নেতিবাচক প্ৰভাৱো কমি যায়।
৫টা ৰাশিৰ বাবে শুভ প্ৰমাণিত ৰূপৰ আঙুঠি-
জ্যোতিষ শাস্ত্ৰৰ মতে কৰ্কট, বৃশ্চিক, বৃষ, তুলা আৰু মীন ৰাশিৰ বাবে শুভ প্ৰমাণিত ৰূপৰ আঙুঠি। ৰূপৰ আঙুঠিয়ে এই ৰাশিবোৰক ধন-সম্পত্তি আৰু সমৃদ্ধি প্ৰদান কৰে। ই ব্যক্তিত্বৰ আকৰ্ষণ বৃদ্ধি কৰে। অৱশ্যে যিকোনো ৰত্ন বা ৰূপৰ আঙুঠি পিন্ধাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো প্ৰয়োজন৷
ৰূপৰ আঙুঠি এইসকল লোকৰ বাবে অশুভ
ৰূপৰ আঙুঠি বা ব্ৰেচলেট মেষ, সিংহ আৰু ধনু ৰাশিৰ লোকে পিন্ধিব নালাগে। অন্যথা সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। ই তেওঁলোকৰ জীৱনত অসুবিধা বৃদ্ধি কৰিব পাৰে
কিদৰে পিন্ধিব ৰূপৰ আঙুঠি ?
বুঢ়া আঙুলিত ৰূপৰ আঙুঠি পিন্ধাটো শুভ বুলি গণ্য কৰা হয়। মহিলাসকলে বাওঁহাতত ৰূপৰ আঙুঠি পিন্ধিব লাগে আৰু পুৰুষে সোঁহাতত পিন্ধিব লাগে। সোমবাৰ বা শুকুৰবাৰে ৰূপৰ আঙুঠি পিন্ধিব। প্ৰথমে কেঁচা গাখীৰ আৰু গংগাজলত ধুই শুদ্ধ কৰক, তাৰ পিছত পিন্ধিব।