1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 7, 2025, 3:28 am
Trending:
মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي

আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা

  • Update Time : Sunday, July 6, 2025

আজি আমি আপোনালোকক ক’ম পৃথিৱীৰ এনে কিছুমান ঠাইৰ বিষয়ে য’ত চেলফি লোৱাৰ বাবে জৰিমনা বিহা হ’ব পাৰে।

মানুহে যেতিয়াই ক’ৰবাত ভ্ৰমণ কৰিবলৈ যায় তেতিয়াই ফটো উঠাতো এটা অভ্যাসত পৰিণত হৈছে। কিন্তু আপুনি জানেনে পৃথিৱীৰ এনে কিছুমান ঠাই আছে য’ত ফটো উঠিলে জৰিমনা ভৰিব লাগে।

ডুবাই (ইউনাইটেড আৰব আমিৰশ্বাহী)- পৰ্যটনস্থলীত ব্যক্তিগত ব্যৱহাৰৰ বাবে ফটো তোলাত সাধাৰণতে কোনো বাধা নাই যদিও কোনো ব্যক্তিৰ সন্মতি অবিহনে ফটো তোলাটোৱে ইউ এ ইৰ গোপনীয়তা আইন উলংঘা কৰে। ইয়াৰ বাবে ৫ লাখ এডি (১,১৬,২৫,৭৫৫ টকা) জৰিমনা আৰু আনকি ৬ মাহৰ কাৰাদণ্ডও হ’ব পাৰে। চৰকাৰী এলেকা, সামৰিক চাউনী, ৰাজপ্ৰসাদত কেমেৰাৰ অনুমতি নাই।

জাপান – মন্দিৰ আৰু পৰম্পৰাগত স্থানসমূহত কেমেৰা কঠোৰভাৱে নিষিদ্ধ। জাপানৰ গেইছা অঞ্চলত (যেনে কিয়’ট’ৰ জিঅ’ন) আটাইতকৈ বেছি সাৱধানতা অৱলম্বন কৰিব লাগে। অনুমতি অবিহনে ফটো বা চেলফি লোৱাৰ জৰিমনা ১০ হাজাৰ ¥ (৬০০০ টকা) পৰ্যন্ত হ’ব পাৰে।

ইটালীৰ পৰ্টোফিনো – এই স্থানসমূহত “নো-ৱেইটিং জ’নত” ফটো তোলা, ৰৈ থকা আৰু চেলফি তোলা নিষিদ্ধ। ভুলতে ইয়াত থিয় হৈ বা ক্লিক কৰিলে জৰিমনা ২৭৫ ইউৰো (২৭ হাজাৰ টকা) পৰ্যন্ত হ’ব পাৰে।

দক্ষিণ কোৰিয়া – ‘Right to Face’ আইন প্ৰযোজ্য, কাৰোবাৰ চিনাক্তকৰণযোগ্য ফটো তোলাটো অবৈধ। যদি আপুনি ইয়াৰ অভিযোগ কৰে তেন্তে আপুনি আইনী ব্যৱস্থাৰ আওতালৈ আহিব পাৰে। আনকি পঞ্জীয়নবিহীন চেলফি ষ্টিক এটাও ধমক দিয়াৰ কাৰণ হ’ব পাৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme