সম্প্ৰতি দুৰ্ঘটনাবোৰ সাধাৰণ ঘটনালৈ যেন পৰিগণিত হৈছে, ৰাস্তাত বা আকাশত বিমানত বহি থকাৰ সময়তো মানুহ নিৰাপদ নহয়। বিশ্বাস কৰা হয় যে ঘৰৰ পৰা যাত্ৰাৰ বাবে যদি কোনো বিশেষ মন্ত্ৰ জপ কৰি ওলাই যোৱা হয়, তেন্তে যাত্ৰা নিৰাপদে সম্পূৰ্ণ হয়।
শেহতীয়াকৈ আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত মানুহে বিমান যাত্ৰাৰ প্ৰতি অতিশয় ভয় খাইছে। আনহাতে, আমি প্ৰতিদিনে বাইক-গাড়ী দুৰ্ঘটনা, খাৱৈত পৰি বাছ বা ৰে’ল দুৰ্ঘটনাৰ কথা দেখিবলৈ পাওঁ আৰু শুনিবলৈ পাওঁ। এনে পৰিস্থিতিত ঘৰৰ পৰা ওলাই আহোঁতে মানুহৰ মনত ভয়ৰ ভাব এটা দেখা যায়। কোনোবাই ভগৱানৰ নাম লৈ ঘৰৰ পৰা ওলাই যায় আৰু কোনোবাই প্ৰাৰ্থনা কৰি। বিশেষকৈ দীঘলীয়া যাত্ৰালৈ যোৱাৰ সময়ত মানুহে নিশ্চিতভাৱে নিৰাপদে উভতি অহাৰ বাবে প্ৰাৰ্থনা কৰে। কাৰণ দুৰ্ঘটনাক লৈ মনত এটা অজ্ঞাত ভয় থাকে। এনে পৰিস্থিতিত মনত প্ৰশ্ন উত্থাপন হয় যে এই অবাঞ্চিত ঘটনাবোৰৰ পৰা আমি নিজকে আৰু আপোনজনক বচাব পৰাকৈ কিবা উপায় আছেনে?
আমাৰ বেছিভাগেই মানি লয় যে পৃথিৱীখন চলাই থকা ঈশ্বৰ বা কোনো মহাশক্তি আছে। ঈশ্বৰক স্মৰণ কৰা প্ৰত্যেকৰে নিজস্ব ধৰণ থাকে। হিন্দু ধৰ্ম শাস্ত্ৰত নিৰাপদ যাত্ৰা আৰু সমস্যাৰ পৰা ৰক্ষা পোৱাৰ বাবে এক শক্তিশালী মন্ত্ৰৰ কথা উল্লেখ কৰা হৈছে। ঘৰৰ পৰা ওলাই আহোঁতে যদি এই মন্ত্ৰ জপ কৰা হয়, তেন্তে ই ব্যক্তিজনক দুৰ্ঘটনা আৰু সমস্যাৰ পৰা ৰক্ষা কৰে।
এইটো এনেকুৱা এটা প্ৰাচীন মন্ত্ৰ যিয়ে কেৱল মানসিক শান্তি দিয়াই নহয় দুৰ্ঘটনাৰ পৰা ৰক্ষাৰ ঢালৰ সৃষ্টি কৰে। দৈনিক ১১ বাৰ এই মন্ত্ৰ জপ কৰিলে জীৱনক সকলো দুখ-কষ্টৰ পৰা ৰক্ষা কৰা হয়। ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত ইয়াক জপ কৰক, যাতে আপোনাৰ যাত্ৰা সফল আৰু নিৰাপদ হয়।
এই মন্ত্ৰ ভগৱান শ্ৰীকৃষ্ণৰ নামত উৎসৰ্গিত
– কৃষ্ণায় বাসুদেৱ হৰয়ে পৰমৎমানে
প্ৰণতঃ ক্লেশনাশয় গোবিন্দায় নমো নম।
এই মন্ত্ৰৰ অৰ্থ অতি নিৰ্মল আৰু সুৰক্ষামূলক। ইয়াৰ অৰ্থ হৈছে ” ভগৱান শ্ৰীকৃষ্ণ যি বসুদেৱৰ পুত্ৰ, হৰি হয় তেওঁক বাৰে বাৰে প্ৰণাম কৰো, যি সকলো বিপদ-বিঘিনি নাশ কৰে।” এই মন্ত্ৰত কেৱল ভগৱান শ্ৰীকৃষ্ণৰ ৰূপ বৰ্ণনা কৰাই নহয়, কেৱল তেওঁক স্মৰণ কৰিলেই বিপদ, দুখ, ভয় আৰু দুৰ্ঘটনা দূৰ কৰিব পৰা যায় বুলিও কোৱা হয়।
যদিও মন্ত্ৰৰ নিজস্ব শক্তি আছে, তথাপিও মন্ত্ৰ জপ কৰি সৃষ্টি হোৱা আধ্যাত্মিক শক্তি আৰু সাৱধানতাই আমাক বহুবাৰ দুৰ্ঘটনাৰ পৰাও ৰক্ষা কৰে।