1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 8, 2024, 11:51 pm
Trending:
ৰাজ্যৰ কাৰ্যবাহী অভিযন্তাসকলৰ পৰা বান-খহনীয়া সন্দৰ্ভত বুজ ল’লে মন্ত্ৰী পীযূষ হাজৰিকাৰ আপুনি জানেনে নৰসিংহ পাত আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী! কনজাংটিভাইটিছৰ পৰা হাত সাৰিবলৈ অৱলম্বন কৰক এইসমূহ উপায় আৰু দূৰত থাকক চকুৰ সমস্যাৰ পৰা আপোনাৰ নখকেইটা ধুনীয়া কৰি ৰাখিবলৈ মানি চলক কিছু ঘৰুৱা নিয়ম! পনীৰ প্ৰিয় যদি জানি লওঁক কিদৰে চিনাক্ত কৰিব প্ৰকৃত আৰু নকল পনীৰ! ভাৰতৰ সৰ্বোচ্চ ৰে’ল ষ্টেচনটো, য’ত শিৰৰ ওপৰত থাকে ডাৱৰ জন উইক’ নিৰ্মাতাই ক্ৰয় কৰিলে কৰণ জোহৰৰ ‘কিল’ ছবিৰ হলিউডৰ ৰিমেক ৰাইট। সনাতন ধৰ্মত জগন্নাথ ৰথ যাত্ৰাৰ আছে এক বিশেষ তাৎপৰ্য! আপুনি জানেনে আপোনালৈ হোৱাটছ এপত পঠোৱা ভিন্নৰঙী ‘LOVE EMOJI’য়ে কি কি বুজায়? অনন্ত আম্বানীৰ বিবাহ অনুষ্ঠানত উপস্থিত ৰোহিত-হাৰ্দিক-সূৰ্যক কাষত লৈ আবেগিক নীতা আম্বানী!

বিজ্ঞানীয়ে অজ্ঞানী! নাজানে মানে একোৱেই নাজানে…

  • Update Time : Tuesday, March 8, 2022

ডিজিটেল ডেস্কঃ ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধৰ বাবে ইউক্ৰেইন বিপৰ্যয়ৰ পথত৷ এই যুদ্ধই সমগ্ৰ বিশ্বতে প্ৰভাৱ পেলাইছে লগতে বিশ্বৰ সকলো লোকে এই যুদ্ধ সন্দৰ্ভত অৱগত৷ তথাপিও এনে কিছুমান লোক আছে যিয়ে ৰাছিয়া আৰু ইউক্ৰেিনৰ মাজত হোৱা যুদ্ধৰ বিষয়ে কোনো জ্ঞান নাই৷ ছ’চিয়েল মিডিয়াৰ যুগত ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধৰ বিষয়ে অৱগত নোহোৱা কথাটো শুনিলে আচৰিত যেন লাগিলেও এইটোৱে সঁচা৷ নাছাৰ এটা অভিযানত জড়িত ছয়জন লোক ইয়াৰ বিষয়ে জ্ঞাত নথকাৰ সন্দেহ কৰা হৈছে৷ এই অভিযানত ৰাছিয়াৰ ওলেগ ব্লিনোভ, ভিক্টোৰিয়া আৰু একাতেৰিনা কেৰিয়াকিনা জড়িত হৈ আছে৷ লগতে ইউক্ৰেইনৰ চালেহ আল-আমেৰি আৰু আমেৰিকাৰ উইলিয়াম ব্ৰাউন আৰু এছলে কোৱালস্কিয়ে অভিয়ানৰ লগত জড়িত হৈ আছে৷ এই ছয় গৰাকী বৈজ্ঞানিকক ৰাছিয়াত অৱস্থিত নাছাৰ এটা কেপচুলত আৱদ্ধ হৈ আছে৷ যিটো পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ এটা ভৱনত ৮ মাহৰ বাবে ৰখা হৈছে। যাৰ বাবে এইকেইজন ব্যক্তিয়ে ইউক্ৰেইনত চলি থকা যুদ্ধৰ বিষয়ে অৱগত নহয় বুলিও অনুমান কৰা হৈছে। এই অভিযানটো ৰাছিয়া আৰু নাছাৰ পৰীক্ষা চিৰিয়াছ-২১ ৰ অংশ, য’ত এইসকল ব্যক্তিক কঠোৰ প্ৰশিক্ষণৰ পিছত প্ৰেৰণ কৰা হৈছে।

ইউক্ৰেইনৰ ওপৰত হোৱা আক্ৰমণৰ ফলত ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত বাঢ়ি অহা উত্তেজনা আৰু বাকযুদ্ধৰ পিছতো এই দুজন আমেৰিকাৰ বৈজ্ঞানিকক কোনো উত্তেজনা অবিহনে সম্পূৰ্ণ মৰ্যাদা ৰে ৰাছিয়াৰ ৰাজধানীৰ মস্কোত আছে। ৰাছিয়াৰ ওপৰত সকলো নিষেধাজ্ঞা ঘোষণা কৰা স্বত্বেও এতিয়ালৈকে অভিযানটো সমাপ্ত কৰাৰ নিৰ্দেশ দিয়া নাই আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে৷ এই ছয় গৰাকী ব্যক্তিয়ে ২০২১ বৰ্ষৰ নৱেম্বৰ মাহত কেপচুলৰ ভিতৰত প্ৰৱেশ কৰিছিল, সময়সীমা অনুসৰি এই বছৰৰ জুলাইৰ আগতে কেপচুলৰ পৰা ওলাই নাহে এই ছয় গৰাকী লোকে। বাহিৰৰ পৃথিৱীৰ সৈতে সংযোগ স্থাপনৰ একমাত্ৰ সঁজুলি হৈছে ই-পেপাৰ, যাক পৰীক্ষাটোত অন্তৰ্ভুক্ত এজন কুয়াৰ্ডিনেটৰে সুৰক্ষিত চাৰ্ভাৰত আপলোড কৰে। যাৰ জড়িয়তে এইসকল লোকে সংযোগ স্থাপন কৰিব পাৰে৷ কেৱল এই মিছনৰ সৈতে জড়িত লোকসকল লগত আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ লগতহে সংযোগ স্থাপন কৰিব পাৰে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme