CTA DESK- বৰ্তমান পশু কুলৰ ভিতৰক দুস্প্ৰাপ্য হৈ পৰিছে ৰাংকুকুৰ৷ যাৰ বৈজ্ঞানিক নাম Asiatic Wild Dog বুলি অভিহিত কৰা হৈছে৷ ৰাংকুকুৰ হ’ল এচিয়া মহাদেশৰ ৰঙা-মুগা বনৰীয়া কুকুৰ৷ ঘৰচীয়া কুকুৰ বা কুকুৰনেচীয়া বাঘতকৈ ৰাংকুকুৰৰ ঠেং কেইখন তুলনামূলকভাৱে চুটি ,নেগুৰ জোপোহা ধৰণৰ আৰু ঘন ঘন দাঁতৰ পাৰি৷ নিজৰ ওজনতকৈ ৮ গুণ বেছি ওজনৰ প্ৰাণীকো চিকাৰ কৰাত পাকৈত ৰাংকুকুৰ বহুতো কাৰণত সংৰক্ষণৰ ক্ষেত্ৰত ভাবুকিয়ে দেখা দিছে৷ তাৰ ভিতৰত বাসস্থান ধ্বংস, চিকাৰৰ অভাৱ আৰু মানৱ-পশুৰ মাজৰ সংঘাত প্ৰধান৷ পিছে প্ৰকৃতি প্ৰেমী সকলৰ বাবে ভাল খবৰ এয়াই যে, কাজিৰঙাত ধৰা পৰিছে দুস্প্ৰাপ্য ৰাংকুকুৰৰ অৱস্থিতি৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত খোদ শ্বেয়াৰ কৰিছে কাজিৰঙাত ধৰা পৰা ৰাংকুকুৰৰ ফটো৷ ফটো শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই লিখিছে-
শুভ বাতৰি!
কাজিৰঙা-কাৰ্বি আংলং এলেকাত কেমেৰাত উপস্থিতি ধৰা পৰা Cuon alpinus বৈজ্ঞানিক নামৰ জন্তুবিধৰ আমাৰ বাবে চিনাকি নামটি হৈছে ৰাংকুকুুৰ৷ নিজৰ ওজনতকৈ ৮ গুণ বেছি ওজনৰ প্ৰাণীকো চিকাৰ কৰাত সিদ্ধহস্ত ৰাংকুকুৰ উপস্থিতি অসমৰ সম্পূৰ্ণ জৈৱ-বৈচিত্ৰ্যৰ এক উৎকৃষ্ট নিদৰ্শন৷ প্ৰতিটো বৈজ্ঞানিক অগ্ৰগতিৰ আঁৰত বছৰ বছৰ ধৰি কৰা কঠোৰ পৰিশ্ৰম, বৈজ্ঞানিক অধ্যয়নসমূহ প্ৰায় মাহৰ পাছত মাহ, আনকি বছৰ বছৰ ধৰি চলি থাকে৷ তাৰ পাছত আমি ইয়াৰ ফলাফল সম্পৰ্কে অৱগত হওঁ। এই যাত্ৰা অগণন ঘণ্টাৰ গৱেষণা, পৰীক্ষা-নিৰীক্ষা, বিপৰ্যয় আৰু অধ্যৱসায়েৰে ভৰি আছে। প্ৰায় তিনি বছৰ অধ্যয়ন কৰা গৱেষকসকলে এতিয়াহে বৈজ্ঞানিক গৱেষণা পত্ৰখন বিশ্লেষণ কৰি কৰিছে৷ আটাইলৈ অভিনন্দন৷
মুখ্যমন্ত্ৰীৰ ফেচবুক পোষ্ট