জ্যোতিষত দানক বহুত গুৰুত্ব দিয়া হৈছে, কিন্তু দান দিওঁতে আমি কি দান কৰিছো তাৰ বিশেষ জনা উচিত কাৰণ বিভিন্ন বস্তু দান কৰাৰ অৰ্থ আৰু গুৰুত্ব বেলেগ বেলেগ। এনে পৰিস্থিতিত আমি সাৱধান হোৱা উচিত যাতে আমি এনে বস্তু কাৰোবাক দান নকৰো যাৰ বাবে আমি গুণৰ পৰিৱৰ্তে পাপৰ অংশীদাৰ হ’বলগীয়া হয়।
জ্যোতিষৰ মতে ভুলতেও বাহি ৰুটি দান কৰা উচিত নহয়। বাহি ৰুটি দান কৰিলে জীৱনৰ পৰা ইতিবাচক শক্তি ধ্বংস হয় আৰু আৰ্থিক সংকট আৰম্ভ হয়। পৰিয়ালৰ লোক অসুস্থ হ’বলৈ আৰম্ভ কৰে। ইয়াৰ বাহিৰেও হঠাতে এনে বহু ডাঙৰ লোকচান হ’বলৈ আৰম্ভ কৰে যিবোৰ আপুনি কল্পনাও কৰিব নোৱাৰে। বাহি ৰুটি দান কৰাটো অতি অশুভ বুলি গণ্য কৰা হয়।
যদি আপুনি কাৰোবাক খাবলৈ দি পূণ্য অৰ্জন কৰিবলৈ বিচাৰিছে তেন্তে আগদিনা ৰৈ যোৱা ৰুটি কেতিয়াও খাবলৈ নিদিব। এই কাম কৰিলে আপুনি পূণ্য নাপাব কিন্তু আপুনি নিশ্চিতভাৱে পাপৰ অংশ হৈ পৰিব। আচলতে আমি যেতিয়া কাৰোবাক বাহি বা বাকী থকা খাদ্য খুৱাওঁ তেতিয়া সেই ব্যক্তিজনক অপমান কৰা হয় আৰু তেওঁৰ দৰিদ্ৰতাক লৈ ঠাট্টা কৰা হয়। এই কাম অজানিতে কৰিলেও পাপ।