1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 4, 2025, 5:14 pm

১৯৮৩ চনৰ আজিৰ দিনটোতে ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপ দখল কৰিছিল ভাৰতে

  • Update Time : Wednesday, June 25, 2025

আজিৰ পৰা ৪২ বছৰ পূৰ্বে, ১৯৮৩ চনৰ ২৫ জুনত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে দখল কৰিছিল বিশ্বকাপ ভাৰতে । সেই সময়ত ৬০ অ’ভাৰৰ মেচ আছিল । ভাৰতে প্ৰথমে বেটিং কৰি মাত্ৰ ১৮৩ ৰানহে কৰিবলৈ সক্ষম হোৱাত ৱেষ্ট ইণ্ডিজেই পুনৰ বিশ্বকাপৰ চেম্পিয়ন হ’ব বুলি প্ৰায় সকলোৱেই নিশ্চিত আছিল । কিন্তু ভাৰতীয় দলৰ টীম ৱৰ্ক সেইদিনা আছিল চমকপ্ৰদ । ৪০ ৰানত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি ভাৰত প্ৰুডেন্সিয়েল বিশ্বকাপৰ চেম্পিয়ন হৈছিল । তেতিয়া ভৰপক অসম আন্দোলনৰ সময় আছিল । নিশা আমি পহৰাৰত অৱস্থাত থাকোতে অতি গোপনে সেই ফাইনেল মেচখনৰ ধাৰা বিৱৰণী ৰেডিঅ’ত শুনিছিলো । চি আৰ পিৰ গাড়ী অহাৰ মাত শুনিলেই এন্ধাৰত থকা আমি ৰেডিঅ’টো অফ কৰি দিছিলো । ভলিউম শূণ্য কৰি দিছিলো । সেই ভৰপক আন্দোলনৰ সময়ত বোমা ফুটাৰ শব্দ শুনা মানেই এক ভয়ংকৰ কথা । তথাপি ৱেষ্ট ইণ্ডিজৰ এটা এটা উইকেট আউট হোৱাৰ লগে লগেই একোটা কম শব্দৰ বোমা ফুটিছিল । কপিলদেৱৰ নেতৃত্বত ভাৰতীয় দলৰ প্ৰথম বিশ্বকাপ লাভৰ মেচখন আজি পুনৰ উপভোগ কৰিলো । সেই সময়ৰ ৱেষ্ট ইণ্ডিজৰ দুৰ্ধৰ্ষ বেটচমেন ভিভিয়ান ৰিচাৰ্ডছে মদনলালৰ বলত মৰা এটা সুউচ্চ শ্বট কপিলদেৱে ওলোটামুখী হৈ দৌৰি দৌৰি যিদৰে এক চমকপ্ৰদ কেচ ধৰিছিল সিয়েই আছিল মেচখনৰ টাৰ্ণিং পইণ্ট । মহিন্দৰ অমৰনাথৰ অল ৰাউণ্ড প্ৰদৰ্শনৰ বাবে তেওঁক ‘মেন অৱ দ্য মেচ’ৰ পুৰস্কাৰ দিয়া হৈছিল । সেইখন আছিল ৬০ অ’ভাৰৰ এদিনীয়া মেচ । এতিয়া ৫০ অ’ভাৰত হয় এদিনীয়া মেচ । উল্লেখযোগ্য যে ভাৰতেই হৈছে ৬০ অ’ভাৰৰ এদিনীয়া বিশ্বকাপ আৰু ৫০ অ’ভাৰৰ বিশ্বকাপ লাভ কৰা বিশ্বৰ একমাত্ৰ দল ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme