1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 23, 2025, 10:35 pm

জুবিন গাৰ্গেহে ভুলকৈ বুজিলে নেকি? দিপলীনাই ক’লে- CM চাৰৰ কথা ভুলকৈ বুজি আছে সকলোৱে…

  • Update Time : Monday, March 7, 2022

ডিজিটেল ডেস্কঃ বিহুক লৈ ব্যাপক বাক-বিতণ্ডা অব্যাহত থকাৰ মাজতে এইবাৰ এই প্ৰসংগক লৈ মুখ খুলিলে দীপলিনা ডেকাই।  বিহু কেইদিনীয়াকৈ পাতিব তাক লৈ তীব্ৰ বিৰ্তক অব্যাহত থকাৰ মাজতে কন্ঠশিল্পীগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন কৰি কয়- তেওঁৰ মন্তব্য আচলতে ভুল ব্যাখ্যা কৰা হৈছে। মাননীয় চি এম চাৰে কৰা মন্তব্যটো মই চাইছো। তেওঁ তাত বিহু ৭দিনীয়াকৈ পাতিব লাগিব বুলি কোৱা নাই।

বিষয়টোক লৈ তেওঁ লগতে কয়- সামাজিক, সংবাদ মাধ্যমত এই বিষয়টো অলপ বেলেগফালে গুচি গল।  কিন্তু চি এম চাৰে যি ঘোষণা কৰিছিল সেইটো যথেষ্ট ভাল ঘোষণা। আগতে মই এনে ঘোষণা কৰা কেতিয়াও শুনা  নাই। তেওঁ কৈছিল ৭দিনৰ ভিতৰত বিহু শেষ কৰা কমিটিবোৰে চৰকাৰ আৰ্থিক সাহায্যহে পাব।”

দীপলিনাৰ এই মন্তব্যৰ পাছতে সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme