1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 11:48 am

উত্তৰ পূবৰ মণিপুৰো বিজেপিৰেই! সমীক্ষাই কি কয়?

  • Update Time : Monday, March 7, 2022

ডিজিটেল ডেস্কঃ ১০ মাৰ্চত ঘোষণা হ’ব ৫ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। উত্তৰ পূবৰো মনিপুৰতো অনুষ্ঠিত হৈছিল বিধানসভা নিৰ্বাচন৷ ৬০খন আসনৰ বাবে অনুষ্ঠিত এই নিৰ্বাচনৰ সমীক্ষা প্ৰকাশ হৈছে৷ এক্সিট পুলে বিজেপিয়ে ৰাজ্যখনত পুনৰ চৰকাৰ গঠন কৰিব বুলি দাবী কৰে৷ সোমবাৰে দেশৰ বহুকেইটা আগশাৰীৰ সমীক্ষাই প্ৰকাশ কৰিছে এই কথা৷

শনিবাৰে অন্ত পৰিছে মণিপুৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। দ্বিতীয় পৰ্যায়ত ২২ খন আসনত ৭৬.০৪ শতাংশ ভোটদান সম্পন্ন হৈছিল। ৰাজ্যখনৰ ৬ খন জিলাৰ ১,২৪৭ টা ভোটকেন্দ্ৰত পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। এই পৰ্যায়টোত মুঠ ৮.৩৮ লাখ ভোটাৰে গ্ৰহণ কৰিছিল ভোটগ্ৰহণ৷ সেইদৰে প্ৰথম পৰ্যায়ত ৮৮ শতাংশ ভোটদান সম্পন্ন হৈছিল। শেহতীয়া সমীক্ষাত বিজেপিয়ে ৩২ ৰ পৰা ২৩ খন আসন, কংগ্ৰেছে ১২ৰ পৰা ১৭ খন আসন, NPPয়ে ২ ৰ পৰা ৪ খন আসন, অন্যান্যই ২ৰ পৰা ৫ খন আসন লাভ কৰিব বুলি প্ৰকাশ হৈছে৷

P-MARQৰ এক্সিট পুল অনুসৰিঃ

বিজেপিয়ে লাভ কৰিব ২৭ৰ পৰা ৩১ খন আসন।
কংগ্ৰেছে পাব ১১ৰ পৰা ১৭ খন আসন।
NPPয়ে পাব ৬ৰ পৰা ১০ খন আসন।
অন্যান্যই লাভ কৰিব ৫ৰ পৰা ১৩খন আসন।

JAN KI BAATৰ এক্সিট পুল অনুসৰিঃ

বিজেপিয়ে পাব ২৩ ৰ পৰা ২৮ খন আসন।
কংগ্ৰেছে পাব ১০ৰ পৰা ১৪খন আসন।
NPPয়ে লাভ কৰিব ৭ৰ পৰা ৮ খন আসন।
অন্যান্যই পাব ১২ৰ পৰা ১৮খন আসন।

CNXৰ এক্সিট পুল অনুসৰিঃ

বিজেপিয়ে লাভ কৰিব ২৬ৰ পৰা ৩১ খন আসন।
কংগ্ৰেছে পাব ১২ৰ পৰা ১৭খন আসন।
NPPয়ে লাভ কৰিব ৬ৰ পৰা ১০ খন আসন।
অন্যান্যই পাব ৭ৰ পৰা ১২খন আসন।
উল্লেখ্য যে সমূহ সমীক্ষায়েই বিজেপিয়েই মণিপুৰ দখল কৰাৰ ইংগিত দাঙি ধৰিছে৷ কি হ’ব মণিপুৰ বিজেপিৰেই নে এই কথা ১০ মাৰ্চত ফলাফল ঘোষণাৰ পিছতহে স্পষ্ট হ’ব৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme