1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 4, 2025, 9:07 pm

মই আপোনাৰ দৰে হ’বলৈ চেষ্টা কৰি আছো, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লগ পোৱাৰ পাছত ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীৰ কথোপথন হৈছে ভাইৰেল

  • Update Time : Thursday, June 19, 2025

কানাডাৰ কানানাস্কিছত অনুষ্ঠিত জি-৭ সন্মিলনৰ সময়ত মঙলবাৰে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে। তেওঁলোকৰ সাক্ষাৎৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। প্ৰধানমন্ত্ৰী মোডীক লগ পোৱাৰ পিছত মেলনীয়ে কয় যে তেওঁ ‘শ্ৰেষ্ঠ’ আৰু তেওঁৰ দৰে ‘হ’বলৈ চেষ্টা’ কৰিছে। ভিডিঅ’টোত দুয়োজন নেতাই লগ পোৱা, হাত মিলাই ইজনে সিজনৰ মংগলৰ কথা সুধি থকা দেখা গৈছে।

দুয়োগৰাকী নেতাৰ সাক্ষাৎত মেলনীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কয়, ‘আপুনি শ্ৰেষ্ঠ, মইও আপোনাৰ দৰে হ’বলৈ চেষ্টা কৰিছো।’

‘ইটালীৰ সৈতে ভাৰতৰ বন্ধুত্ব অধিক শক্তিশালী হ’ব’

ইটালীৰ প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা বৈঠকৰ ছবি ‘এক্স’ত শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, ‘ইটালীৰ সৈতে ভাৰতৰ বন্ধুত্ব অধিক শক্তিশালী হ’ব, যাৰ ফলত আমাৰ জনসাধাৰণৰ যথেষ্ট লাভ হ’ব!’ দুয়োগৰাকী নেতাৰ মাজত হোৱা কথা-বতৰাত ইটালী আৰু ভাৰতৰ মাজত এক গুৰুত্বপূৰ্ণ কূটনৈতিক সম্পৰ্কও প্ৰতিফলিত হৈছে। এই বাৰ্তালাপত দুয়োগৰাকী নেতাই বহনক্ষমতা, শক্তি আৰু উদ্যোগৰ দৰে ক্ষেত্ৰত সহযোগিতামূলক প্ৰচেষ্টাৰ বাবে উৎসাহ প্ৰকাশ কৰে।

জি-৭ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

ইফালে কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে কয় যে জি-৭ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতি ভাৰতৰ অৰ্থনীতিৰ আকাৰ আৰু গতিশীলতা আৰু ভাৰতৰ নেতৃত্বৰ স্থিতিৰ প্ৰতিফলন। জি-৭ নেতাসকলৰ সন্মিলন সমাপ্ত হোৱাৰ পাছত কাৰ্ণীয়ে কয় যে জি-৭ত প্ৰধানমন্ত্ৰী মোডীৰ উপস্থিতিৰ ক্ষেত্ৰত ২০১৮ চনৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিটো জি-৭ত অংশগ্ৰহণ কৰি আহিছে, যিটো ভাৰতৰ অৰ্থনীতিৰ আকাৰ, ভাৰতীয় অৰ্থনীতিৰ গতিশীলতা, ভাৰতীয় প্ৰযুক্তি আৰু জি-২০কে ধৰি বিভিন্ন স্থানত ভাৰতৰ নেতৃত্বৰ স্থানৰ প্ৰতিফলন।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme