1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 23, 2025, 8:20 pm

বিদায়ঃ ভাৰতীয় ক্ৰিকেটৰ সৈতে মধুৰ সম্পৰ্ক থকা শ্বেন ৱাৰ্নে দিছিল ৩টা বিশেষ পৰামৰ্শ…

  • Update Time : Friday, March 4, 2022

ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ একালৰ কিংবদন্তি লেগস্পিনাৰ শ্বেন ৱাৰ্নৰ মৃত্যুৰ খবৰে সকলোকে শোকবিহ্বল কৰি তুলিছে। প্ৰতিগৰাকী ক্ৰীড়াপ্ৰেমীয়ে আজি সোৱৰিছে লেগস্পিনাৰ গৰাকীৰ বেট-বলৰ সেই যাদু। ৫২বছৰ বয়সত হৃদজনিত ৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰা শ্বেন ৱাৰ্ন ভাৰতীয় ক্ৰিকেটৰ সৈতেও ওতপোতভাৱে জড়িত হৈ আছিল।

ৰাজস্থান ৰয়েলছৰ মেন্টৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ৱাৰ্নে। স্পীনাৰ শ্বেন ৱাৰ্নে নিজৰ ক্ৰিকেটৰ জীৱনত টেষ্টত ৭০৮ আৰু এদিনীয়া ক্ৰিকেটত ২৯৩টা উইকেট দখল কৰিছিল ৷ আই পি এল’ৰ ২০০৮চনৰ প্ৰথম সংস্কৰণ বিজয়ী হোৱা ৰাজস্থান দলৰ অধিনায়ক আছিল শ্বেন ৱাৰ্ন ৷

মেন্টৰ হৈ থকা অৱস্থাত টি ২০ ক্ৰিকেটক সংস্কাৰ কৰাৰ বাবে তেওঁ ৩টাপৰামৰ্শ আগবঢ়াইছিল।

সেই তিনিটা হৈছে-

১) প্ৰত্যেকখন ক্ৰিকেট খেল পথাৰৰ সীমাৰেখা বৃদ্ধি কৰা আৰু যিসমূহ সৰু খেলপথাৰ আছে তাৰ বাউণ্ডেৰিত ঘাঁহৰ ব্যৱস্থা কৰা।

২) প্ৰতিজন বলাৰে এখন খেলত ৫ অ’ভাৰকৈ দিয়াৰ ব্যৱস্থা কৰা ।

৩) প্ৰতিখন ক্ৰিকেট পিটছ টেষ্ট ক্ৰিকেটৰ চতুৰ্থ দিনৰ খেলৰ পিটছ’ৰ নিচিনা কৰা ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme